• Home
  • »
  • News
  • »
  • assam
  • »
  • আজিৰে পৰা আৰম্ভ হ'ল পবিত্ৰ ৰথ যাত্ৰা! মহানগৰীৰৰ ধাৰাপুৰস্থিত চৰনেহেলি ৰাণী চাপৰিৰ জগন্নাথ প্ৰভুৰ মন্দিৰতো পালন এই উৎসৱ ...

আজিৰে পৰা আৰম্ভ হ'ল পবিত্ৰ ৰথ যাত্ৰা! মহানগৰীৰৰ ধাৰাপুৰস্থিত চৰনেহেলি ৰাণী চাপৰিৰ জগন্নাথ প্ৰভুৰ মন্দিৰতো পালন এই উৎসৱ ...

আজিৰে পৰা আৰম্ভ হল পবিত্ৰ ৰথ যাত্ৰা । উৰিষ্যাৰ শ্ৰী শ্ৰী  জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰাৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন স্থানত পালন কৰা হয় এই উৎসৱ । তাৰ সমান্তৰাল ভাৱে মহানগৰীৰৰ ধাৰাপুৰস্থিত চৰনেহেলি ৰাণী চাপৰিৰ জগন্নাথ মন্দিৰতো পালন কৰে প্ৰবিত্ৰ ৰথ যাত্ৰা ।

  • Share this:

আজিৰে পৰা আৰম্ভ হল পবিত্ৰ ৰথ যাত্ৰা। উৰিষ্যাৰ পুৰীস্থিত শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ মন্দিৰত উখল মাখল পৰিবেশ। কিয়নো বছৰৰ আহাৰ মাহৰ শুক্লা দ্বিতীয়া তিথিত পালন কৰা হয় ৰথ যাত্ৰা। ইয়াৰ সমান্তৰাল ভাৱে দেশৰ বিভিন্ন স্থানৰ লগতে মহানগৰীৰত থকা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ মন্দিৰতো পালন কৰা হয় পবিত্ৰ ৰথ যাত্ৰা। মহানগৰীৰ ধাৰাপুৰস্থিত এক মাত্ৰ খিলঞ্জীয়াৰ চৰনেহেলি ৰাণী চাপৰিৰ শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ মন্দিৰত পালন কৰা হয় পবিত্ৰ ৰথ যাত্ৰা। ২০১১বৰ্ষত আৰম্ভ কৰা জগন্নাথ মন্দিৰৰ পুনৰ নিৰ্মানৰ কাম ২০১৮ বর্ষত সম্পুৰ্ণ কৰি পুৰীস্থিত জগন্নাথ মন্দিৰৰ মূল পূজাৰী আহি স্থাপন কৰা এই মন্দিৰত অইন বেলিৰ দৰে এই বেলিও পালন কৰে এই যাত্ৰা। এই পবিত্ৰ ৰথযাত্ৰা ধাৰাপুৰস্থিত ৰাণী চাপৰিৰ কৃষক আৰু ৰাইজে জগন্নাথ মন্দিৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকেৰে ফেৰীৰে যাত্ৰা আৰম্ভ কৰি ধাৰাপুৰ ধোপৰতলৰ পৰা গঁড়ল হৈ ভট্টাপাৰাত সমাপ্ত কৰে। তাৰ পিছতে মাংগলীক ৰীতি নীতিৰে পূজা অৰ্চনা কৰি  ভট্টাপাৰা ৰাজহুৱা নামঘৰত জগন্নাথ মূৰ্তি স্থাপন কৰে। ভট্টাপাৰা ৰাজহুৱা নামঘৰত এই জগন্নাথ প্ৰভুৰ মূৰ্ত্তি ভক্তৰ দৰ্শনৰ  বাবে ৯ দিন ৰখা হব । তাৰ পিছতে পুনৰ প্ৰভুৰ মূৰ্তি ঢুলীয়া কালীয়া, আয়তিৰ নাম কীৰ্তন পৰিবেশন কৰি ধাৰাপুৰস্থিত ৰাণী চাপৰিৰ শ্ৰী শ্ৰী প্ৰভু জগন্নাথ মন্দিৰলৈ অনা হব। মহানগৰীৰ লগতে বিভিন্ন স্থানৰ ভক্তই অংশগ্ৰহণ কৰে এই ৰথ যাত্ৰাত।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি