কংগ্ৰেছে নিজৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ বদৰুদ্দিন আজমল আৰু অখিল গগৈক আহ্বান জনোৱাৰ সময়তে নিজৰ প্ৰাৰ্থী দিবলৈ যো-জা কৰি আছে AIUDF দলে।
কংগ্ৰেছে নিজৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ বদৰুদ্দিন আজমল আৰু অখিল গগৈক আহ্বান জনোৱাৰ সময়তে নিজৰ প্ৰাৰ্থী দিবলৈ যো-জা কৰি আছে AIUDF দলে।
ৰাজ্যসভাৰ এখন আসনক লৈ কংগ্ৰেছ-AIUDFৰ টনা-আঁজোৰা অব্যাহত আছে। কংগ্ৰেছে নিজৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ বদৰুদ্দিন আজমল আৰু অখিল গগৈক আহ্বান জনোৱাৰ সময়তে নিজৰ প্ৰাৰ্থী দিবলৈ যো-জা কৰি আছে AIUDF দলে। ইয়াকে লৈ আজি বিধায়ক আবাসত AIUDFৰ বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হয়।
বৈঠকক লৈ বিধায়ক আমিনুল ইছলামে কয়, "ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিস্তৃত আলোচনা হৈছে। ৰাজ্যসভাত এইবাৰ আমাৰ এজন প্ৰাৰ্থী দিবলৈ কংগ্ৰেছক দাবী জনাম। এতিয়ালৈকে আমাৰ প্ৰাৰ্থী ঠিক কৰা নাই।"
"বিপিএফক লৈ সন্দেহ আছে AIUDFৰ। বিপিএফক সংখ্যাত নধৰাকৈয়ে ৪৩ জন বিধায়ক হৈছে। AIUDFৰ ১৫টা ভোটৰ এটা ভোটো বিজেপিয়ে নাপায়" বুলি নিশ্বয়তা দিছে আমিনুল ইছলামে।
পৌৰ সভা নিৰ্বাচনক লৈও আলোচনা কৰা হয় বৈঠকত। কিছু সমষ্টিত AIUDF দলে প্ৰাৰ্থীত্ব আগবঢ়াব পাৰে বুলি জনায় আমিনুল ইছলামে।
ইপিনে শ্বেৰমান আলী সম্পৰ্কত মন্তব্য কৰি আমিনুল ইছলামে কয় যে শ্বেৰমান আলীয়ে AIUDFত যোগ দিম বুলি আনুষ্ঠানিকভাৱে জনোৱা নাই। ব্যক্তিগত ভাৱে কংগ্ৰেছৰ নীতিৰ ওপৰত অসন্তুষ্ট বুলিহে কৈ আছে।
"AIUDFলৈ শ্বেৰমান আহিলে দুৱাৰ খোলা আছে" বুলি কয় আমিনুল ইছলামে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|