உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Congress-AIUDF: মুছলমান প্ৰাৰ্থীৰ চৰ্ত কংগ্ৰেছক বান্ধি দিলে AIUDFয়ে! ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধীৰ নিমিলা অংক

    Congress-AIUDF: মুছলমান প্ৰাৰ্থীৰ চৰ্ত কংগ্ৰেছক বান্ধি দিলে AIUDFয়ে! ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধীৰ নিমিলা অংক

    Congress-AIUDF: নিজৰ দলকে ঠিক কৰিব নোৱাৰা ভূপেন বৰাই কি ঠিক কৰিব AIUDFক: পিযুষ হাজৰিকা

    Congress-AIUDF: নিজৰ দলকে ঠিক কৰিব নোৱাৰা ভূপেন বৰাই কি ঠিক কৰিব AIUDFক: পিযুষ হাজৰিকা

    Congress-AIUDF: নিজৰ দলকে ঠিক কৰিব নোৱাৰা ভূপেন বৰাই কি ঠিক কৰিব AIUDFক: পিযুষ হাজৰিকা

    • Share this:
    ৰাজ্যসভাৰ এখন আসনক লৈ এতিয়া মহা দুৰ্যোগত পৰিছে বিৰোধী কংগ্ৰেছ আৰু AIUDF ৷ মহাজোঁটৰ পৰা AIUDFক বৰ্খাস্ত কৰি এতিয়া ৰাজ্যসভাৰ নিৰ্বাচন (Rajyasabha Election)ৰ বাবে পুনৰ বদৰুদ্দিন আজমলৰ দলটোৰ সহায় বিচাৰি হাবুডুবু খোৱা কংগ্ৰেছক কটাক্ষ কৰিবলৈ এৰা নাই শাসকীয় BJPএ ৷ ইপিনে AIUDFৰ সংখ্যালঘু কেন্দ্ৰিক চৰ্তক লৈও বিপাঙত পৰিছে কংগ্ৰেছ ৷

    দুখন আসনৰ অংক ৷ কিন্তু অংকত মহা জংকপংক ৷ নিমিলেহে নিমিলে এই অংক ৷ ৰাজ্যসভাৰ দুখন আসনক লৈ চলিছে এই অংক মিলোৱাৰ ৰাজনীতি ৷ বিৰোধী কংগ্ৰেছে অংক মিলাবলৈ দিনে-নিশাই কৰিছে চেষ্টা ৷ কিন্তু অংক মিলোৱাৰ প্ৰতিটো  ষ্টেপটে ৰাজনীতিৰ চাণক্য ড° হিমন্ত বিশ্ব শৰ্মাই সিচি দিছে মহা আতংক ৷ জাপি দিছে অংক নিমিলাৰ কূটনীতি ৷

    ইয়াৰ মাজতে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFয়ে বিগ ব্ৰাডাৰ কংগ্ৰেছক দিছে চৰ্ত ৷ এই চৰ্ত মতে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ সংখ্যালঘুৰ লোকক দিয়ক প্ৰাৰ্থীত্ব ৷ কিন্তু কংগ্ৰেছে অসমীয়া মূলৰ প্ৰাৰ্থীত্বহে দিবলৈ আগ্ৰহী বুলি ৰাজীৱ ভৱনৰ এক সুত্ৰই সদৰি কৰিছে ৷

    এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে এখন সাতজনীয়া কমিটি গঠন কৰি দিয়াৰ কথা সদৰি কৰে ভূপেন বৰাই ৷ শুকুৰবাৰে ভূপেন বৰাই সাংবাদিকক ক'লে- “বিৰোধী ঐক্যবদ্ধ হ'লে এখন আসনত জয়ী হোৱাতো ১০০% নিশ্চিত ৷ ৰাজ্যসভাৰ নিৰ্বাচন বিধায়কসকলৰ বাবে অগ্নিপৰীক্ষা ৷”

    ভূপেন বৰাৰ এই মন্তব্যক লৈ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই ৷ পিযুষৰ দাবী- “নিজৰ দলকে ঠিক কৰিব নোৱাৰা ভূপেন বৰাই কি ঠিক কৰিব AIUDFক? এসময়ত AIUDFক নালাগে বুলি কৈ এতিয়া কিয় পুনৰ বিচাৰিছে?”

    উল্লেখযোগ্য যে ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব বিচাৰিছে কংগ্ৰেছৰ তৰফৰ পৰা ৰিপুণ বৰা, ৰাণী নৰহ, দ্বিজেন শৰ্মা আৰু ৰাণা গোস্বামীয়ে ৷ AIUDFয়ে কিন্তু বিচাৰিছে এজন মুছলমান মূলৰ প্ৰাৰ্থী ৷ এইক্ষেত্ৰত জাকিৰ হুছেইন শিকদাৰক প্ৰাৰ্থীত্ব দিলেও AIUDFয়ে সমৰ্থন দিব বুলি জানিব পৰা গৈছে ৷
    Published by:Manjumoni Borah
    First published: