• Home
  • »
  • News
  • »
  • assam
  • »
  • Weather Alert: গুৱাহাটীত বতাহ–বৰষুণ, জানক আগন্তুক কেইদিন অসম তথা উত্তৰ পূৱৰ ক’ত ক’ত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা?

Weather Alert: গুৱাহাটীত বতাহ–বৰষুণ, জানক আগন্তুক কেইদিন অসম তথা উত্তৰ পূৱৰ ক’ত ক’ত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা?

Source-Google

Source-Google

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য মতে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে প্ৰৱল বতাহ–বৰষুণ, শিলাবৃষ্টি হোৱা দেখিবলৈ যাব পাৰে।

  • Share this:
Guwahati:  বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যৰ মতে আজিৰে পৰা একেৰাহে কেইবাদিনলৈ অসম তথা উত্তৰ পূৱৰ বিভিন্ন প্ৰান্তত গাজনি–ঢেৰেকণিৰে বৰষুণ অব্যাহত থাকিব।

আজি দিনটোত গুৱাহাটীত পাতলীয়া বতাহ–বৰষুণ হোৱা দেখা যায়। পৰৱৰ্তী সময়ত মধ্যমীয়া বৰষুণ তথা গাজনি–ঢেৰেকনি হ’ব পাৰে অৰুণাচল প্ৰদেশৰ বেছিভাগ ঠাইত, অসম, মেঘালয় আৰু নাগালেণ্ডত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য মতে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে প্ৰৱল বতাহ–বৰষুণ, শিলাবৃষ্টি হোৱা দেখিবলৈ যাব পাৰে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আগন্তুক তিনিদিনলৈ অসমৰ কমলপুৰ, শিলচৰ, গোৱালপাৰাৰ লগতে উত্তৰ পূৱৰ আইজল, শ্বিলঙত প্ৰৱল বৃষ্টিপাত হ’ব পাৰে।
First published: