মঙলবাৰে নিশা গুৱাহাটী ৰে'লৱে ষ্টেচনত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ষ্টেচনটোত সংঘটিত এক শোকাৱহ ঘটনাত অকালতে প্ৰাণ গ'ল এজন যাত্ৰীবাহী ট্ৰেইনৰ চালকৰ। বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুওৱালে শিৱ শইকীয়া চালকজনে।
জানিব পৰা মতে, গুৱাহাটী-মুৰ্কংচেলেক লাচিত এক্সপ্ৰেছখন যাত্ৰাৰ বাবে সাজু কৰি আছিল ল'ক' পাইলটজনে। কিন্তু সেই সময়তে এই ঘটনাটো সংঘটিত হৈ ল'ক' পাইলটজন ইঞ্জিনৰ পাছফালে বাগৰি পৰে। পৰৱৰ্তী সময়ত আৰ.পি.এফ. তথা জি.আৰ.পি.এফ. বাহিনীৰ লোকে তেখেতক প্লেটফৰ্মলৈ দাঙি লৈ আনে যদিও ইতিমধ্যে লোকজনৰ মৃত্যু ঘটে।
এই দুৰ্ঘটনাটোত ল'ক' পাইলটজনৰ দেহৰ আধা অংশ জ্বলি যায়। উক্ত ঘটনাৰ পাছতেই ষ্টেচনটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আচলতে কি কাৰণত এই অঘটনটো সংঘটিত হ'বলৈ পালে সেই সন্দৰ্ভত অৱশ্যে এই পৰ্যন্ত ৰে'ল বিভাগৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক জাননী জাৰি কৰা নাই।