World University Ranking: অসমবাসীৰ বাবে ভাল খবৰ ! বিশ্বৰ ৫০ খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ তালিকাত IIT Guwahati, লাভ কৰিলে ৪১তম স্থান !

News18 Assam | News18-Assam
Updated:June 9, 2021, 10:54 PM IST
World University Ranking: অসমবাসীৰ বাবে ভাল খবৰ ! বিশ্বৰ ৫০ খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ তালিকাত IIT Guwahati, লাভ কৰিলে ৪১তম স্থান !
World University Ranking: IIT গুৱাহাটীয়ে ৪১ তম স্থান লাভ কৰিছে আৰু IIT দিল্লীয়ে ১৮৫ তম স্থান লাভ কৰিছে।

World University Ranking: IIT গুৱাহাটীয়ে ৪১ তম স্থান লাভ কৰিছে আৰু IIT দিল্লীয়ে ১৮৫ তম স্থান লাভ কৰিছে।

  • Share this:
লণ্ডনস্থিত কিউএছে বুধবাৰে বিশ্বৰ শীৰ্ষ-২০০ বিশ্বমানৰ বিশ্ববিদ্যালয়ৰ ৰেংকিং মুকলি কৰে, তিনিখন ভাৰতীয় শিক্ষানুষ্ঠানৰ সৈতে। বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্সে (IISC)  ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ অৰ্জন কৰিছে। এইটো ভাৰতৰ প্ৰথম প্ৰতিষ্ঠান হৈ পৰিছে যিয়ে ১০০ ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিছে। ইয়াৰ ৰেংকিং হৈছে ১৮৬। আনহাতে Research Citations per Faculty কেটেগৰীত IIT গুৱাহাটীয়ে ৪১ তম স্থান লাভ কৰিছে। IIT দিল্লীয়ে ১৮৫ তম স্থান লাভ কৰিছে। আইআইটি দিল্লী ভাৰতৰ দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হৈ পৰিছে ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে প্ৰকাশিত কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত বিশ্বৰ শীৰ্ষ ২০০ খন বিশ্ববিদ্যালয়ত স্থান লাভ কৰা ভাৰতীয় বিশ্ববিদ্যালয়সমূহক অভিনন্দন জ্ঞাপন কৰি কয় যে ভাৰতৰ অধিক বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানে যাতে বিশ্বৰ উৎকৰ্ষতাৰ ক্ষেত্ৰত স্থান নিশ্চিত কৰে তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাই আছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়সমূহক অভিনন্দন জ্ঞাপন কৰে আৰু কয়,  "বিশ্বব্যাপী উৎকৰ্ষতাত স্থান নিশ্চিত কৰিবলৈ আৰু যুৱসকলৰ মাজত বৌদ্ধিক দক্ষতাসমৰ্থন কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছে।"
Published by: Kokil Sarma
First published: June 9, 2021, 10:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি