কোৰোণাত আক্ৰান্ত হ’ল কামৰূপ মহানগৰ জিলা জন সম্পৰ্কৰক্ষী বিষয়া ৰতন সাউদ।
কোৰোণাত আক্ৰান্ত হ’ল কামৰূপ মহানগৰ জিলা জন সম্পৰ্কৰক্ষী বিষয়া ৰতন সাউদ।
কোৰোণাত আক্ৰান্ত হ’ল কামৰূপ মহানগৰ জিলা জন সম্পৰ্কৰক্ষী বিষয়া ৰতন সাউদ। শণিবাৰে বিষয়াগৰাকীৰ দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিতি। বৰ্তমান বিষয়াগৰাকীক গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে। কিন্তু চিকিত্সাধীন অৱস্থাটো ৰতন সাউদে পালন কৰিছে নিজৰ দায়িত্ব।
ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত চিন্ময় নাথ কোোৰণাত আক্ৰান্ত হৈছিল। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অদৃশ্য শত্ৰু কোৰোণাৰ বিৰুদ্ধে যুদ্ধখনত মহানগৰীৰ বহু ঠাইত একেলগে দেখা গৈছিল চিন্ময় নাথক।আনকি বিভিন্ন সময়ত ৰতন সাউদ আৰু চিন্ময় নাথ বিভিন্ন স্থান পৰিদৰ্শন কৰিছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|