বাংলাদেশৰ উচ্চায়ুক্তৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই।
বাংলাদেশৰ উচ্চায়ুক্তৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই।
গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা হিন্দু লোকক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। কুতুম্ব সুৰক্ষা মিছনৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
বাংলাদেশৰ উচ্চায়ুক্তৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই। উল্লেখযোগ্য যে বিগত কেইটামান দিন ধৰি বাংলাদেশত হিন্দু লোকসকল অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। হিন্দু লোকসকলৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ লগতে দেশখনত হিন্দু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাই সোমবাৰে আকাশ বতাহ গৰম কৰি তোলে প্ৰতিবাদকাৰী লোকসকলে।
এইক্ষেত্ৰত সত্য ৰঞ্জন বৰাই কয় যে বাংলাদেশত আক্ৰমণৰ সন্মুখীন হোৱা হিন্দু লোকসকলক অসমে গ্ৰহণ কৰাৰ প্ৰশ্ন নুঠে, সেই বুলি বাংলাদেশত হিন্দুসকলক পৰুৱাৰ দৰে মাৰিবলৈও দিয়া নহ’ব বুলি কয় হিন্দুত্ববাদী নেতাগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|