உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে ৰে’ল পথ অৱৰোধ, প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘাত

    চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে ৰে’ল পথ অৱৰোধ, প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘাত

    বিগত ডেৰ মাহ ধৰি চন্দ্ৰপুৰৰ ৰাইজে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

    বিগত ডেৰ মাহ ধৰি চন্দ্ৰপুৰৰ ৰাইজে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

    বিগত ডেৰ মাহ ধৰি চন্দ্ৰপুৰৰ ৰাইজে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

    • Share this:
    চন্দ্ৰপুৰত অব্যাহত আছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদ। বিগত ডেৰ মাহ ধৰি চন্দ্ৰপুৰৰ ৰাইজে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। গুৱাহাটী পৌৰ নিগম অথবা জিলা প্ৰশাসনে কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰাৰ লগতে ৰাইজক আলোচনাৰ বাবে আমন্ত্ৰণ নকৰাত অধিক ক্ষোভিত হৈ পৰে চন্দ্ৰপুৰবাসী। ফলশ্ৰুতিত দেওবাৰে পুৱাৰ ভাগত চন্দ্ৰপুৰস্থিত ঠাকুৰকুছি ৰে’ল ষ্টেচনত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ উদ্যগত প্ৰায় পাঁচ শতাধিক পুৰুষ–মহিলাকে ধৰি ছাত্র–ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড–বেনাৰ আদি লৈ ৰে’ল পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

    কিন্তু দেওবাৰে কাহিলী পুৱাৰে পৰা সষ্টম হৈ থকা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীসকলক ৰে’লপথৰ পৰা বলপূৰ্বকভাৱে ঠেলি–হেঁচি আঁতৰাই পঠিয়াই আৰু পিছত শতাধিক প্ৰতিবাদকাৰীক নুনমাটি থানালৈ আটক কৰি লৈ যায়।

    কিন্তু, প্ৰতিবাদকাৰীসকলে কেইবাটাও দলত বিভক্ত হৈ ৰে’ল পথৰ বিভিন্ন স্থানত খাপ পিতি থাকে। ফলত কিছু পলমকৈ ঠাকুৰকুছি ৰে’ল ষ্টেচনৰ কিছু আগত উজনিমুৱা মালবাহী ৰে’ল এখন আবদ্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক ছত্ৰভংগ দিয়াই আৰু আবদ্ধ ৰে’লখন মুকলি কৰি দিয়ে।
    Published by:Sanjay Kumar Das
    First published: