মুখ্যপৃষ্ঠা »খবৰ »অসম »গুৱাহাটীত CABৰ বিৰোধত মন্ত্ৰীলৈ চোঁচা, কুইন ওজাৰ ঘৰৰ গেট ভাঙি প্ৰৱেশ উগ্ৰ লোকৰ

গুৱাহাটীত CABৰ বিৰোধত মন্ত্ৰীলৈ চোঁচা, কুইন ওজাৰ ঘৰৰ গেট ভাঙি প্ৰৱেশ উগ্ৰ লোকৰ

মহানগৰীত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ কেব বিৰোধী প্ৰতিবাদত।

মহানগৰীত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ কেব বিৰোধী প্ৰতিবাদত।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ আৰু নেছ’ৰ ১১ঘণ্টীয়া বন্ধৰ মাজত গুৱাহাটীত অতি উত্তপ্ত হৈ পৰে পৰিস্থিতি। ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কনভয়লৈ প্ৰতিবাদকাৰীয়ো চোঁচা লোৱাৰ পিছত কনভয় পিছুৱাবলৈ বাধ্য হয় বিজেপিৰ নেতাকেইজনে। জয় আই অসম, কেব কোনো কাৰণত নামানো ধ্বনিৰে আকাশ–বতাহ উত্তাল কৰি অসমীয়া প্ৰতিবাদকাৰীসকলে ৰাজপথ মুখৰ কৰি তোলে।

গুৱাহাটীৰ সাংসদ কুইন ওজাৰ উলুবাৰীৰ ঘৰতো প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰি লণ্ড ভণ্ড কৰাৰ প্ৰচেষ্টা চলায়। সাংসদগৰাকীৰ ঘৰৰ গেট ভাঙি প্ৰৱেশ কৰি ঘৰৰ চোতালতে ওজাৰ পুত্তলিকা দাহ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে। ক্ষোভিত প্ৰতিবাদকাৰীয়ে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে হুংকাৰ দি শাসকীয় দলৰ প্ৰতিগৰাকী নেতা–মন্ত্ৰীক চৰম সকীয়নি প্ৰদান কৰে।

মৰি যাম কেব নামানো
–এই হুংকাৰেৰে ৰাজপথ উত্তাল কৰিছে প্ৰতিবাদকাৰীয়ে।


আৰক্ষী–নিৰাপত্তাৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা প্ৰতিবাদকাৰীক চৰম সকীয়নি প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে Additional Chief Secretary জিষ্ণু বৰুৱাক লাষ্টগেটত প্ৰতিবাদকাৰীয়ে খেদি পঠিয়াইছিল।

শেহতীয়া বাতৰি