মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Price Rise : ‘কাম নকৰি কিনি খাব খুজিলে দাম বাঢ়িবই’-মূল্যবৃদ্ধিক লৈ এইবাৰ বিধানসভাৰ অধ্যক্ষৰ অদ্ভূত মন্তব্য।

Price Rise : ‘কাম নকৰি কিনি খাব খুজিলে দাম বাঢ়িবই’-মূল্যবৃদ্ধিক লৈ এইবাৰ বিধানসভাৰ অধ্যক্ষৰ অদ্ভূত মন্তব্য।

News18 Assam | News18-Assam
Updated:July 18, 2021, 11:15 AM IST
Price Rise : ‘কাম নকৰি কিনি খাব খুজিলে দাম বাঢ়িবই’-মূল্যবৃদ্ধিক লৈ এইবাৰ বিধানসভাৰ অধ্যক্ষৰ অদ্ভূত মন্তব্য।
"এতিয়া উৎপাদনৰ খৰচ আৰু পৰিবহন খৰচ বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ধৰণৰ খৰচ হয়, আৰু কিনি খোৱাসকলে ইয়াৰ মূল্য ভৰিবই লাগিব।"

"এতিয়া উৎপাদনৰ খৰচ আৰু পৰিবহন খৰচ বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ধৰণৰ খৰচ হয়, আৰু কিনি খোৱাসকলে ইয়াৰ মূল্য ভৰিবই লাগিব।"

  • Share this:
আকাশলংঘী মূল্যবৃদ্ধি (Price Rise)য়ে জনতাক মাধমাৰ সোধোৱাৰ সময়তে আন এক মাধমাৰ সোধাইছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)য়ে। যি সময়ত ৰাইজে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাপালি আছিল সেই সময়তে অধ্যক্ষ দৈমাৰীয়ে কৰিছে অদ্ভূত মন্তব্য। সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মূল্যবৃদ্ধিৰ বাবে পাকে-প্ৰকাৰে জনতাকহে কৰিলে দোষাৰোপ।

বিশ্বজিৎ দৈমাৰীয়ে কয়, "মূল্যবৃদ্ধিটো হ’বই, উৎপাদনকাৰীয়ে উচিত মূল্য বিচাৰিবই। মানুহে কাম নকৰি কিনি খাব খুজিলে মূল্যবৃদ্ধি হ'বই।" তেওঁ আৰু কয় যে আগৰ দৰে মানুহে ঘৰতে শাক-পাচলি আদি উৎপাদন নকৰা হ'ল আৰু সকলোৱে কিনি খাবলৈ আৰম্ভ কৰা বাবেই মূল্যবৃদ্ধি হৈছে।

অধ্যক্ষ দৈমাৰীয়ে কয়, "এতিয়া উৎপাদনৰ খৰচ আৰু পৰিবহন খৰচ বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ধৰণৰ খৰচ হয়, আৰু কিনি খোৱাসকলে ইয়াৰ মূল্য ভৰিবই লাগিব।"

আনহাতে পেট্ৰ’ল-ডিজেল (Petrol-Diesel)ৰ মূল্যবৃদ্ধি সন্দৰ্ভতো গতানুগতিক মন্তব্য কৰি দৈমাৰীয়ে কয়, "চৰকাৰক ৰাজহ লাগিব, পেট্ৰ’ল-ডিজেল য’ৰ পৰা উৎপাদন হয়, সেইবিলাকৰ বিভিন্ন ধৰণৰ সুবিধা-অসুবিধা আছে। ক্ৰূড অইল বাহিৰৰ পৰা আমদানী কৰিব লগা হৈছে, সেয়ে নিশ্চিতভাৱে সকলো বস্তুৰে দাম লাহে লাহে বৃদ্ধি পাবই।"

সংবাদমধ্যমত এই মন্তব্য কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে অধ্যক্ষ দৈমাৰীৰ মন্তব্য।

উল্লেখ্য যে মূল্যবৃদ্ধিক লৈ চৰকাৰী পক্ষৰ পৰা সময়ে সময়ে যি ধৰণৰ চালে-বেৰে কোবোৱা মন্তব্য কৰি থকা হৈছে ইয়াৰ পৰা এটা কথাই স্পষ্ট হয় যে মূল্যবৃদ্ধি ৰোধ কৰাৰ কোনো লক্ষ্য-পৰিকল্পনা নাই ৰাজ্য চৰকাৰৰ। ইয়াৰ পূৰ্বে মন্ত্ৰী ৰণজিত কুমাৰ দাস (Ranjit Kumar Das)এও মানুহে বেছিকৈ খাবলৈ লোৱা বাবেই কণীৰ মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য কৰিছিল।
Published by: Manjumoni Borah
First published: July 18, 2021, 11:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি