গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ দিন ঘোষণা

News18 Assam | News18-Assam
Updated:February 27, 2020, 7:13 PM IST
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ দিন ঘোষণা
১২ মাৰ্চত অনুষ্ঠিত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন ৷

১২ মাৰ্চত অনুষ্ঠিত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন ৷

  • Share this:
ঘোষণা কৰা হ'ল গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ নিৰ্বাচনৰ দিন৷ ১২ মাৰ্চত অনুষ্ঠিত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন৷ আজিৰে পৰা ১ মাৰ্চৰ দুপৰীয়া ৩ বজালৈ দিব পাৰিব মনোনয়ন পত্ৰ৷ ১ মাৰ্চৰ বিয়লি ৬ বজাত প্ৰকাশ কৰা হ'ব সম্ভাব্য প্ৰাৰ্থীৰ তালিকা৷ ২ মাৰ্চত পৰীক্ষা কৰা হ'ব মনোনয়ন পত্ৰসমূহ৷ ২ মাৰ্চৰ বিয়লি ৬ বজাত প্ৰকাশ কৰা হ'ব পৰীক্ষণ কৰা মনোনয়নৰ তালিকা৷ ৩ মাৰ্চত কৰিব পাৰিব মনোনয়ন প্ৰত্যাহাৰ৷ ৪ মাৰ্চত প্ৰকাশ কৰা হ'ব চূড়ান্ত প্ৰাৰ্থী তালিকা৷ ১২ মাৰ্চত পুৱা ১০ বজাৰ পৰা ৪ বজালৈ হ'ব ভোটগ্ৰহণ৷ ভোটদানৰ দিনাই বিয়লি ৫ বজাৰ পৰা হ'ব ভোটগণনা, ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল৷

নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পদ সমূহ –

১. সভাপতি (১টা)

২. উপ-সভাপতি (১টা)

৩. উপ-সভাপতি (মহিলাৰ বাবে সংৰক্ষিত ১টা)

৪. সাধাৰণ সম্পাদক (১টা)

৫. সহঃ সাধাৰণ সম্পাদক (১টা)

৬. সহঃ সাধাৰণ সম্পাদক (মহিলাৰ বাবে সংৰক্ষিত ১টা)

৭. সাংগঠনিক সম্পাদক (১টা)

৮. কোষাধক্ষ্য (১টা)

৯. সাংস্কৃতিক সম্পাদক (১টা)

১০. ক্ৰীড়া সম্পাদক (১টা)

সৰ্বমুঠ ভোটাৰ সংখ্যা ৭৯৮ গৰাকী। গুৱাহাটী প্ৰেছ ক্লাবৰ সংবিধানৰ Article 4 অনুসৰি Executive Editor, Deputy Editor, Joint Editor, Consultant Editor, Managing Editor, Chief Associate Editor, Cheif Associate Editor, Sr. Associate Editor, Associate Editor, Chief News Editor, News Editor, Bureau chiefৰো থাকিব ভোটাধিকাৰ৷ যিসকল জ্যেষ্ঠ সাংবাদিকে এতিয়াও আবেদন কৰা নাই অহা ২ দিনৰ ভিতৰত তেওঁলোকে আবেদন কৰিব পাৰিব। সংবাদমেলযোগে এই কথা জনালে মুখ্য আহ্বায়ক পি জে বৰুৱা, প্ৰিজাইডিং বিষয়া অজিৎ পাটোৱাৰী, ৰিটাৰ্নিং বিষয়া বিজন মাহাজনে৷
আৰু চাওক
পৰৱৰ্তী বাতৰি