• Home
  • »
  • News
  • »
  • assam
  • »
  • Ramnath Kovind: লাড়ু-পিঠাৰে আপ্যায়ন কৰা হ'ব ৰাষ্ট্ৰপতিক, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব গুৱাহাটীত

Ramnath Kovind: লাড়ু-পিঠাৰে আপ্যায়ন কৰা হ'ব ৰাষ্ট্ৰপতিক, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব গুৱাহাটীত

৪ মে'ত আহি আছে ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দ ৷ দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে ৷ প্ৰথমে বড়ো সাহিত্যসভাৰ সামৰণি অনুষ্ঠানত উপস্থিত হ'ব ৰাষ্ট্ৰপতি কোভিন্দ ৷ 

  • Share this:
এদিনীয়া ভ্ৰমণসূচীৰে ৪ মে'ত অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ramnath Kovind) ৷ দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে ৷ প্ৰথমে বড়ো সাহিত্য সভা (Bodo Sahitya Sabha)ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত গুৱাহাটীৰ খানাপাৰাত চলি থকা Northeast Festivalতো অংশগ্ৰহণ কৰিব ৷ ইতিমধ্যে তামুলপুৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক আদৰিবলৈ আয়োজক বড়ো সাহিত্যসভাই বিশেষ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ৷

৫০ হাজাৰৰ পৰা এক লাখ লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷ ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচী আৰু প্ৰস্তুতি সন্দৰ্ভত সোমবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ক'লে- “ৰাষ্টপতিৰ আগমনক লৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ বড়ো সাহিত্যসভাই ৰাজ্যৰ প্ৰশাসনৰ সৈতে মিলি  সকলোখিনি তদাৰক কৰিছে ৷”

ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচীক লৈ সোমবাৰে তামুলপুৰৰ বড়ো সাহিত্যসভাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাষ্ট্ৰপতিক বড়ো সাহিত্যসভাৰ অধিৱেশনত পিঠা-লাৰুৰে আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে ৷ দুপৰীয়াৰ আহাৰ তামুলপুৰত গ্ৰহণ কৰাৰ পৰিৱৰ্তে গুৱাহাটী কৰিব ৰাষ্ট্ৰপতিয়ে ৷ খানাপাৰাত DoNERয়ে আয়োজন কৰা Northeast Festivalৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি কোবিন্দে ৷ ইয়াৰ পিছতে ৰাষ্ট্ৰপতি উভতি যাব নতুন দিল্লীলৈ ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি