Himanta Biswa Sarma New Assam CM: নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত। হিমন্তৰ মন্ত্ৰীসভাত থাকিব কোন কোন?

News18 Assam | News18-Assam
Updated:May 9, 2021, 7:42 PM IST
Himanta Biswa Sarma New Assam CM: নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত। হিমন্তৰ মন্ত্ৰীসভাত থাকিব কোন কোন?
জানিব পৰা মতে সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ লগতে ৭-৮গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। 

জানিব পৰা মতে সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ লগতে ৭-৮গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। 

  • Share this:
ৰাজ্যৰ ১৫সংখ্যক মুখ্যমন্ত্ৰীৰূপে কাইলৈ শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন যুদ্ধ গতিত চলি আছে।

বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছৰে পৰা নতুন মন্ত্ৰীসভা গঠনক লৈও আৰম্ভ হৈছে কুচকাৱাজ। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন কোন থাকিব তাক লৈও ব্যাপক জল্পনা-কল্পনা আৰম্ভ হৈছে ৰাইজৰ মাজত।

কেৱল ৰাইজৰ মাজতে নহয় মন্ত্ৰীসভা গঠনক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বও হৈছে তৎপৰ। হিমন্ত বিশ্ব শৰ্মাই নিজে আমিনগাঁৱৰ আৱৰ্ত ভৱনত অগপ আৰু ইউপিপিএলৰ নেতৃত্বৰ সৈতে এই প্ৰসংগত আলোচনা কৰিছে।

আনহাতে আমিনগাঁৱৰ চৰকাৰী অতিথিশালাত বাহৰ পাতিছে বিজেপিৰ কেন্দ্ৰীয় নেতা বৈজয়ন্ত জয় পাণ্ডা, বি এল সন্তোষ আদি। এওলোকৰ সৈতেও মন্ত্ৰীসভা গঠনক লৈ আলোচনাত মিলিত হ’ব হিমন্ত বিশ্ব।

সোণোৱাল চৰকাৰত মন্ত্ৰী হৈ থকা কোনে কোনে নতুন মন্ত্ৰীসভাৰ পৰা বাহিৰ হ’ব আৰু কোন কোন বিধায়কৰ কপাল ফুলিব ইয়াকে লৈ ছচিয়েল মিডিয়াটো তুমূল চৰ্চা চলিছে।

জানিব পৰা মতে সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ লগতে ৭-৮গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।
Published by: Manjumoni Borah
First published: May 9, 2021, 7:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি