Prashanta Phukan: "মোৰ ভাগ্য থাকিলে মুখ্যমন্ত্ৰীও হৈ যাব পাৰো, যাৰ যি ভাগ্য।"
Prashanta Phukan: "মোৰ ভাগ্য থাকিলে মুখ্যমন্ত্ৰীও হৈ যাব পাৰো, যাৰ যি ভাগ্য।"
বিজেপি (BJP) দলে ৰাজ্যত দুবাৰকৈ চৰকাৰ গঠন কৰাৰ পিছতো মন্ত্ৰী পদ পোৱা নাই জ্যেষ্ঠ বিজেপি তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে (Prashanta Phukan)। চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতো আৰু দুৰ্যোগৰ দিনতো বিজেপিৰ ধ্বজা উৰুৱাই ৰখা প্ৰশান্ত ফুকনে মন্ত্ৰী পদ নোপোৱা কথাটোক লৈ সঘনে চৰ্চা হৈ আহিছে। বিশেষকৈ ৰাজ্যসভা নিৰ্বাচন (Rajya Sabha Election)ৰ সময়ত প্ৰশান্ত ফুকনৰ মন্ত্ৰী পদৰ কথাও চৰ্চালৈ আছে। পিছে মন্ত্ৰী পদ কিয় নাপালে সেই কথা নিজেই আওপকীয়াকৈ স্বীকাৰ কৰিলে বিধায়কজনে।
এটা ভুলৰ বাবে আজিলৈ হেনো মন্ত্ৰী পদ পোৱা নাই প্ৰশান্ত ফুকনে। বিধায়কজনে কয়, "২০১০ত মোৰ ভুল হৈছিল, কিন্তু তেতিয়া আৰু এতিয়াৰ পৰিপক্কতাৰ পাৰ্থক্য আছে। ২০১০ত ভুল কৰিলেও মই বহুত ভাল কামো কৰিছোঁ। মই ভুলৰ বাবে মন্ত্ৰী হ'ব নোৱাৰা বুলি কৈছে মানে আপুনিও চীফ এডিটৰ হ'ব পৰা নাই।"
উল্লেখ্য যে ২০১০ৰ ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰশান্ত ফুকনে ভুলকৈ ভোট দিয়া বাবে তেতিয়া বিৰোধীৰ প্ৰাৰ্থীগৰাকী পৰাজিত হৈছিল। তাৰ পিছতে বিজেপি নেতৃত্বৰ ৰোষত পৰিছিল প্ৰশান্ত ফুকন। পিছলৈ ৰাজ্যত বিজেপি চৰকাৰ পোৱাৰ পিছতো সেয়ে হেনো এতিয়ালৈ মন্ত্ৰীপদ পোৱা নাই বিধায়কজনে।
পিছে মন্ত্ৰী পদ নাপালেও কেতিয়াবা মুখ্যমন্ত্ৰীয়েই হৈ যাব পাৰোঁ বুলি ধেমালি কৰিলে বিধায়কজনে। তেওঁ আৰু কয়, "মোৰ ভাগ্য থাকিলে মুখ্যমন্ত্ৰীও হৈ যাব পাৰো, যাৰ যি ভাগ্য।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|