• Home
  • »
  • News
  • »
  • assam
  • »
  • Home Delivery of Wine : মেডিচিন হিচাপেও সুৰা পান কৰে বহুতে, সেয়ে কৰা হৈছে সুৰাৰ হোম ডেলিভাৰীৰ ব্যৱস্থা : ৰমেন্দ্ৰ নাৰায়ণ কলিতা

Home Delivery of Wine : মেডিচিন হিচাপেও সুৰা পান কৰে বহুতে, সেয়ে কৰা হৈছে সুৰাৰ হোম ডেলিভাৰীৰ ব্যৱস্থা : ৰমেন্দ্ৰ নাৰায়ণ কলিতা

অখিল গগৈয়ে কয়, "সুৰাৰ হোম ডেলিভাৰী এটা ধ্বংস হ'বলৈ আগবঢ়া জাতিৰ কাম।"

অখিল গগৈয়ে কয়, "সুৰাৰ হোম ডেলিভাৰী এটা ধ্বংস হ'বলৈ আগবঢ়া জাতিৰ কাম।"

অখিল গগৈয়ে কয়, "সুৰাৰ হোম ডেলিভাৰী এটা ধ্বংস হ'বলৈ আগবঢ়া জাতিৰ কাম।"

  • Share this:
চৰকাৰৰ সুৰাৰ হোম ডেলিভাৰীৰ সিদ্ধান্তক আদৰণি জনাইছে বিজেপিৰ মিত্ৰদল অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। তেওঁ কয়, "কিছু লোকে মেডিচিন হিচাপেও সুৰা ব্যৱহাৰ কৰে। মেডিচিন হিচাপে ব্যৱহাৰ কৰাসকলৰ বিষয়ে চিন্তা কৰি চৰকাৰে সিদ্ধান্ত লৈছে।"

উল্লেখ্য যে ৰাজ্য চৰকাৰে সুৰাৰ হোম ডেলিভাৰী কৰিবলৈ বুধবাৰে কেবিনেটত সিন্ধান্ত লোৱাৰ পিছতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধীয়ে বিৰোধ কৰাৰ বিপৰীতে শাসক পক্ষই আদৰণি জনাইছে এই সিদ্ধান্তত। নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে অনলাইন সুৰা বিক্ৰীৰ ব্যৱস্থা এই কাৰণে কৰা হৈছে যাতে কভিড নিয়ন্ত্ৰণ হয়।

আনহাতে বিৰোধী পক্ষৰ বিধায়ক অখিল গগৈ, আমিনুল ইছলামে অনলাইন সুৰা বিক্ৰীৰ বিৰোধিতা কৰিছে। অখিল গগৈয়ে চৰকাৰৰ এই সিদ্ধান্তৰ সমালোচনা কৰি কয়, "আজিৰ দিনত সুৰা নে ভেকচিন ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে? দৈনিক ৩ লাখ ভেকচিন দিয়াৰ শ্লোগান ক'ত গ'ল? সকলোৱে যে অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হ'ল ক্ষতিপূৰণৰ কি হ'ল?"

এইদৰে তীক্ষ্ণ সমালোচনা কৰি অখিল গগৈয়ে কয়, "সুৰাৰ হোম ডেলিভাৰী এটা ধ্বংস হ'বলৈ আগবঢ়া জাতিৰ কাম।"

ইপিনে মানকাচৰৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "সুৰাৰ হোম ডেলিভাৰীত আচৰিত হ'বলগীয়া একো নাই। কাৰণ লকডাউনত সুৰাৰ বিপণী খুলি চৰকাৰে দেখুৱাই দিছিল তেওঁলোকৰ ইচ্ছা।" ড্ৰাগছৰ দৰে সুৰাও মাৰাত্মক, গতিকে "সুৰাৰ হোম ডেলিভাৰী উচিত সিদ্ধান্ত নহয়" বুলি মন্তব্য কৰে আমিনুল ইছলামে।
Published by:Manjumoni Borah
First published: