বিপদ ঘন্টা বাজিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামুল হক লস্কৰৰ

পৰ্বতসম দুৰ্নীতিৰে কোটি কোটি টকা চৰকাৰী ধন আত্মসাৎ কৰি নোদোকা হোৱা সোনাই সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামুল হক লস্কৰৰ দুৰ্নীতিৰ তদন্ত কৰিব মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই।
পৰ্বতসম দুৰ্নীতিৰে কোটি কোটি টকা চৰকাৰী ধন আত্মসাৎ কৰি নোদোকা হোৱা সোনাই সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামুল হক লস্কৰৰ দুৰ্নীতিৰ তদন্ত কৰিব মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই।
- News18 Assam
- Last Updated: May 28, 2020, 8:00 PM IST
মথুৰ চন্দ্ৰ নাথে আত্মহত্যাৰ পূৰ্বে এৰি থৈ যোৱা টোকাত আছিল এনামুল হক লস্কৰৰ কলংকিত অধ্যায়। কেনেদৰে এনামুল হক লস্কৰে ঠিকা দিয়াৰ নামত লাখ লাখ টকা লৈছিল। সেই তথ্যক লৈ তদানীন্তন বিজেপি নেতা অধিবক্তা আৰ পি শৰ্মাই দিছপুৰ থানাত তৰিছিল এক গোচৰ। কিন্তু দিছপুৰ থানাই গোচৰৰ সন্দৰ্ভত কোনো বিশেষ তথ্য লাভ কৰা নাছিল। দিছপুৰ থানাৰ তদন্তত অসন্তুষ্ট হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা গোচৰ লয়। সেই গোচৰৰ তদন্তৰ ভাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ হাতত অৰ্পণ কৰিছে।
"এই গোচৰ মিমাংসা হ'ব লাগে ৷ আমি কেলেংকাৰীৰ তদন্ত বিচাৰি গোচৰ ৰুজু কৰিছিলো ৷ দিছপুৰ আৰক্ষীয়ে FR দিলে ৷ তাত একো পোৱা নগ'ল ৷ এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে SHOW MOTTO কেছ লৈছে ৷"—কয় আৰ পি শৰ্মাই। মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই তদন্ত কৰিলেই ওলাই পৰিব জলসিঞ্চনত ৬৭ খন আঁচনিৰ নামত এনামুল হক লস্কৰে ২৭০ কোটি টকা কেনেদৰে আত্মসাৎ কৰিছিল। কোনে কোনে সেই টকাৰ ভাগ পাইছিল।