গুৱাহাটীৰ হোটেল–ৰেষ্টুৰেণ্টত বেমাৰী, মৃত গাহৰিৰ মাংসৰে তৈয়াৰ কৰা হৈছে নেকি সুস্বাদু ব্যঞ্জন ?

News18 Assam | News18-Assam
Updated:February 17, 2020, 7:51 PM IST
গুৱাহাটীৰ হোটেল–ৰেষ্টুৰেণ্টত বেমাৰী, মৃত গাহৰিৰ মাংসৰে তৈয়াৰ কৰা হৈছে নেকি সুস্বাদু ব্যঞ্জন ?
হোটেল–ৰেষ্টুৰেণ্টত গাহৰি মাংস খাই যদি সাৱধান হওক!

হোটেল–ৰেষ্টুৰেণ্টত গাহৰি মাংস খাই যদি সাৱধান হওক!

  • Share this:
আপুনি বাৰু সঘনে গুৱাহাটী হোটেল–ৰেষ্টুৰেণ্টত গাহৰি মাংস খাই নেকি? যদি খাই আছে তেনেহলে সাৱধান হওক ৷ গুৱাহাটীৰ হোটেল–ৰেষ্টুৰেণ্টত মৃত অথবা বেমাৰী গাহৰিৰ মাংস বিক্ৰী কৰাৰ সন্দেহ।

দেওবাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত জব্দ হৈছে মৃত গাহৰি ভৰ্তি এখন বাহন ৷ বাহনখনত উদ্ধাৰ হৈছে ৮টা মৃত গাহৰি ৷ বৰ্ণিহাটৰ গাহৰি ফাৰ্মৰ পৰা ছয়মাইল দিশে আহিছিল মৃত গাহৰি ভৰ্তি বাহনখন ৷ দিছপুৰ আৰক্ষীয়ে ‘সদৌ অসম একত্ৰিত যুৱ পৰিষদ’ নামৰ এটা সংগঠনে দিয়া অভিযোগৰ ভিত্তিত খানাপাৰাত জব্দ কৰে মৃত গাহৰি ভৰ্তি বাহনখন। আটক কৰে বাহনৰ চালক, হেণ্ডিমেনক ৷ জব্দ কৰা বাহনখনৰ নম্বৰ AS 01 LC 3145 ৷

আৰক্ষীয়ে এতিয়া সন্দেহ কৰিছে যে, হোটেল–ৰেষ্টুৰেণ্টত কম দামত বিক্ৰী কৰিবলৈকে বৰ্ণিহাটৰ পৰা অনা হৈছিল ৮টাকৈ মৃত গাহৰি। এনে এসাধু বেহাৰ আঁৰত বাব্লু নামৰ এটা ব্যৱসায়ী জড়িত থকা বুলিও ইতিমধ্যে স্বীকাৰ কৰিছে বাহনখনৰ চালক হেণ্ডিমেনে ৷

কম দামতে এনেদৰে মৃত গাহৰি ক্ৰয় কৰি গুৱাহাটীৰ হোটেল–ৰেষ্টুৰেণ্টত  সাধাৰণ জনতাক খাদ্যৰ নামৰ খোৱাইছে  নেকি বৰবিহ? আৰক্ষীৰ তদন্ততে স্পষ্ট হ’ব সকলো কথা।
Published by: Himangshu Bhuyan
First published: February 16, 2020, 7:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি