যোৱা ২৩ জুনৰ পুৱা মহানগৰী কালিবাৰীৰ এটা বাসগৃহৰ শোৱনী কোঠাৰ পৰাই ৫অপহৰকাৰীয়ে অপহৰণ কৰি নিছিল অজিত দাস নামৰ এজন লোকক ৷ ৫জন অপহৰকাৰীৰ ভিতৰত এজনে পিন্ধি আহিছিল আৰক্ষীৰ পোছাক ৷ মাত্ৰ ২মিনিটৰ ভিতৰতে শুৱা পাটিৰ পৰাই অজিত দাসক অপহৰণ কৰি নিছিল অপহৰকাৰীৰ দলটোৱে ৷
অপহৰণৰ পিছতে বিয়লি মুক্তিপণ হিচাপে ২০ লাখ টকা বিচাৰিছিল পৰিয়ালৰ লোকক। উপায়বিহীন পৰিয়ালটো কাষ চাপিছিল লতাশীল আৰক্ষীৰ ৷ পৰিয়ালৰ অভিযোগৰ পিছতে অজিত দাসৰ সন্ধানত নামি পৰিছিল মহানগৰ ক্ৰাইম বাঞ্চ আৰু লতাশীল আৰক্ষী ৷
মোবাইল ট্ৰেকিঙৰ জৰিয়তে দেওবাৰে জাগিৰোডৰ ঘগুৱা পাহাৰৰ অতি দুৰ্গম অঞ্চলত পুৱতি নিশা ক্ৰাইম বাঞ্চে অভিযান চলাই এটা ঘৰৰ ভিতৰত উদ্ধাৰ কৰিছিল অজিত দাসক। আৰু সেই ঘৰটোৰ পৰাই আৰক্ষীয়ে আটক কৰে তিনিজনকৈ অপহৰণকাৰীক। আৰু তেতিয়াই হতবাক হৈ পৰে অভিযানকাৰী আৰক্ষীৰ দল। কাৰণ আটক হোৱা ৩ অপহৰকাৰী আছিল ক্ৰমে ফাঁচিবজাৰ থানাৰ কনিষ্টবল ৰাজ বাবু সিং,-জাগীৰোড থানাৰ হোমগাৰ্ড সুৰুজ পাটৰ আৰু ফামাচিষ্ট মনেশ্বৰ দাস ৷
নিশাই তিনিওকে মহানগৰ ক্ৰাইম বাঞ্চে নিজৰ জিম্মাত ৰাখি জেৰা কৰাৰ পিছতে সোমবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হয় জিতেন বাইলুংঙক নামৰ আন এজন হাবিলদাৰক। কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই অপহৰণকাণ্ডৰ মাষ্টাৰমাইণ্ডকে চিং সিদ্ধু ৷
নিজকে কেতিয়াবা CBI, কেতিয়াবা CIDৰ বিষয়া বুলি পৰিচয় দিয়া কে চিং সিদ্ধুৰ বিৰুদ্ধে মহানগৰীৰ বহুকেইখন থানাত ৰুজু হৈ আছে গোচৰ ৷ এসময়ত ড্ৰাগছৰ বেহা কৰা অজিত দাসৰ হাতত বৃহৎ পৰিমাণৰ ধন থকাৰ খবৰ লাভ কৰি অপহৰণৰ পৰিকল্পনা কৰিছিলকে চিং সিদ্ধুৱে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|