তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াঃ কাইলৈ বহু কেইটা পথত থাকিব No Entry! মহানগৰ আৰক্ষীয়ে জাৰি কৰিলে পথ নিৰ্দেশনা

বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন হ’ব।
বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন হ’ব।
- News18 Assam
- Last Updated: November 25, 2020, 8:58 PM IST
কাইলৈ পুৱা ৯ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ কলাক্ষেত্ৰৰ পৰা চৰকাৰী বাসভৱনলৈ লৈ যোৱা হ’ব। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনতে পৰম্পৰাগত ৰীতি-নীতিৰে নিয়ম সম্পন্ন কৰা পিছত ৰুক্মিণীগাঁৱৰ চাৰ্চলৈ নিয়া হ’ব। তাৰ পিছত গণেশগুৰি হৈ জু ৰোডৰ নামঘৰলৈ, নামঘৰৰ পৰা আমবাৰীৰ বুঢ়া মছজিদলৈ আৰু তাৰ পিছত শুক্লেশ্বৰ মন্দিৰ GNB ৰোড হৈ উগ্ৰতৰা মন্দিৰলৈ নিয়া হ’ব। আৰু শেষত লেম্ব ৰোডহৈ নৱগ্ৰহ শ্মশানলৈ নিয়া হ’ব।
- কাইলৈ GNB Road আৰু নৱগ্ৰহ শ্মশানৰ আশে পাশে কোনোধৰণৰ পাৰ্কিং কৰিব নোৱাৰিব।
- চানমাৰীৰ পৰা গুৱাহাটী ক্লাৱলৈ সম্পূৰ্ণ পথ No Entry।
- লতাশিল-চেনিকুঠী বাইলেনত No Entry।
- নুনমাটিৰ পৰা অহা বাহনসমূহ জুৰোড হৈ যাব পাৰিব।
- চানমাৰীৰ ফালৰ পৰা আহিবলগীয়া যান-বাহন নিজৰাপাৰাৰ পৰা আগবাঢ়িব নোৱাৰিব।
- যিসকলে শেষকৃত্যলৈ আহিব, তেওঁলোকে নিজৰ যান-বাহন চানমাৰী অভিযান্তিক খেলপথাৰত পাৰ্ক কৰিব লাগিব।
- নৱগ্ৰহৰ পৰা বাহন ওলাই অহাৰ সুবিধা থাকিব। টিচি পইণ্টৰ পৰা বি বৰুৱা কলেজৰ দিশে যাব পাৰিব।