• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীত IPLৰ জুৱাৰ বৃহত্‍ ঘাটি, জুৱাৰি অজয় আগৰৱালাৰ নৱগ্ৰহৰ ঘৰত ক্ৰাইম বাঞ্চৰ অভিযান

মহানগৰীত IPLৰ জুৱাৰ বৃহত্‍ ঘাটি, জুৱাৰি অজয় আগৰৱালাৰ নৱগ্ৰহৰ ঘৰত ক্ৰাইম বাঞ্চৰ অভিযান

অজয় আগৰৱালা নামৰ লোকজন দীঘদিন ধৰি আই পি এল জোৱাৰ সৈতে জড়িত হৈ থকাৰ অভিযোগত আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলায় ৷

  • Share this:
আই পি এল জুৱা চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই অব্যাহত ৰাখিছে অভিযান ৷ শনিবাৰে বিয়লি মহানগৰীৰ নৱগ্ৰহৰ মেপল অক এপাৰ্টমেণ্টত চলাই তীব্ৰ অভিযান ৷ এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাত থকা অজয় আগৰৱালাৰ বাসগৃহত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই নগদ ধনসহ কেইবাটাও মোবাইল ফোনৰ লগতে বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰে ৷

অজয় আগৰৱালা নামৰ লোকজন দীঘদিন ধৰি আই পি এল জোৱাৰ সৈতে জড়িত হৈ থকাৰ অভিযোগত আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলায় ৷কিন্তু আৰক্ষী অভিযানৰ পূৰ্বে পলাই সাৰে  অজয় আগৰৱালা ৷

যোৱা ১১ অক্টোবৰত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গুৱাহাটীত  অভিযান চলাই দ্বীপেশ বাজৰীয়া, ৰৌণক বাজৰীয়া  আৰু ৰাজেশ জৈন নামৰ তিনি বুকিক গ্ৰেপ্তাৰ কৰিছিল৷ আই পি এলৰ লাখ  টকা জুৱাৰ সৈতে জড়িত থকা ৩ বুকিৰ স্বীকাৰোক্তিৰ ভিত্তিতে ইতিমধ্য মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই এখন দীঘলিয়া তালিকা প্ৰস্তত কৰিছে ৷
Published by:Himangshu Bhuyan
First published: