গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে আৰম্ভ কৰিছে বিশেষ অভিযান৷ জনবহুল স্থানসমূহত মহানগৰ আৰক্ষীয়ে জৰিমনা বিহাৰ বাবে আৰম্ভ কৰিছে অভিযান৷
গুৱাহাটী আৰক্ষীয়ে ৩০ আগষ্টৰ পৰা ৫ তাৰিখলৈ মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা বিহিলে ১৩ লাখ টকাতকৈ অধিক টকাৰ জৰিমনা ৷ গুৱাহাটী আৰক্ষীয়ে অকল ৪ তাৰিখৰ দিনা মাস্ক নিপিন্ধাকৈ ৰাজহুৱা স্থানলৈ অহা লোকক জৰিমনা বিহিলে ৮০ হাজাৰ টকাৰ৷ মহানগৰ আৰক্ষীয়ে দৈনিক ৮০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰিছে দৈনিক।
সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে মাস্কৰ বিৰুদ্ধে আৰম্ভ কৰিছে ব্যাপক জৰিমনা বিহাৰ অভিযান৷ সমগ্ৰ ৰাজ্যত এই পৰিমাণ প্ৰায় ৫০ লক্ষাধিক৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বাৰম্বাৰ ৰাইজক অনুৰোধ কৰি আহিছে সামাজিক দুৰত্ব আৰু মাস্ক পৰিধান কৰিবলৈ৷ যিহেতু দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে কোভিড–১৯ৰ সংক্ৰমণৰ হাৰ৷ কিন্তু এতিয়াও অকাংশ লোকে মানি চলা নাই নিৰ্দেশনা৷ যাৰ ফলত ৰাজহুৱা স্থানসমূহত সংক্ৰমণৰ হাৰ সকলোতকৈ বৃদ্ধি পাইছে৷
ইফালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যিসকলে নিয়ম উলংঘা কৰিব সেই সকলৰ ওপৰত লোৱা হ’ব কঠোৰ ব্যৱস্থা৷
আৰক্ষী আয়ুক্তই মহানগৰবাসীক আহ্বান জনাইছে যে সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখক আৰু মাস্ক পৰিধান কৰিহে ওলাই আহক৷ যদি কোনো লোকে নামানে তেন্তে সেইসকলৰ বিৰুদ্ধে জৰিমনা বিহাৰ ওপৰি লোৱা হ’ব কঠোৰ আইনগত ব্যৱস্থা৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|