মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোৰোণা হ’লে হওক, মাস্ক নিপিন্ধো! গুৱাহাটীৰ মহানাগৰিকে মাস্ক নিপিন্ধি আৰক্ষীক জৰিমণা দিলে ৪৩ লাখ টকা

কোৰোণা হ’লে হওক, মাস্ক নিপিন্ধো! গুৱাহাটীৰ মহানাগৰিকে মাস্ক নিপিন্ধি আৰক্ষীক জৰিমণা দিলে ৪৩ লাখ টকা

News18 Assam | News18-Assam
Updated:September 19, 2020, 4:53 PM IST
কোৰোণা হ’লে হওক, মাস্ক নিপিন্ধো! গুৱাহাটীৰ মহানাগৰিকে মাস্ক নিপিন্ধি আৰক্ষীক জৰিমণা দিলে ৪৩ লাখ টকা
সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বৃদ্ধি পাইছে কোভিড 19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা।

সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বৃদ্ধি পাইছে কোভিড 19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা।

  • News18 Assam
  • Last Updated: September 19, 2020, 4:53 PM IST
  • Share this:
সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বৃদ্ধি পাইছে কোভিড 19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দৈনিক গড়ে অসমত আক্ৰান্ত হৈছে প্ৰায় ২ হাজাৰকৈ লোক ৷ ফলত এতিয়া অসুবিধা হৈছে আক্ৰান্ত সকলক চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত ৷ আনকি উদ্বেগজনক ভাবে বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা ৰোগীৰ সংখ্যাও।

কিন্তু মহানাগৰিকে মানি চলা নাই স্বাস্থ্য বিভাগৰ নিৰ্দেশনা ৷ স্বাস্থ্য বিভাগে বাৰে বাৰে সকলোকে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে। কিন্তু এতিয়াও বহু সংখ্যক লোকে মনা নাই এই নিৰ্দেশনা ৷ উপায়হীন হৈ আৰক্ষীয়ে এতিয়া মাস্ক পৰিধান নকৰা লোকৰ পৰা লৈছে জৰিমণা।

তথাপিও একাংশই নুশুনে চৰকাৰৰ কথা, নামানে চৰকাৰী নীতি-নিয়ম। মাস্ক পৰিধান নকৰা লোকৰ পৰা জৰিমণা সংগ্ৰহ কৰি এতিয়া আৰক্ষীয়ে গঢ়িছে অভিলেখ। মাত্ৰ এদিনতে আৰক্ষীয়ে সংগ্ৰহ কৰিলে প্ৰায় ১ লাখ টকাৰ জৰিমণা। যোৱা ৮ মে’ ৰ পৰা ১৬ ছেপ্তেম্বৰলৈকে মহানগৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰা লোকৰ পৰা সংগ্ৰহ কৰিলে ৩৮ লাখ, ১১ হাজাৰ ৭০০ টকাৰ জৰিমণা ৷  আজিৰ দিনটোলৈকে এই পৰিমাণ হৈছেগৈ ৪৩ লাখৰো অধিক।
Published by: Himangshu Bhuyan
First published: September 19, 2020, 4:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি