உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হাতত এটা টোপোলা লৈ অনিল নগৰত নলাত সোমাল এজন যুৱক, তাৰ পিছত প্ৰায় ৪০ মিনিটৰ এখন নাটক, কি হৈছিল আচলতে?

    হাতত এটা টোপোলা লৈ অনিল নগৰত নলাত সোমাল এজন যুৱক, তাৰ পিছত প্ৰায় ৪০ মিনিটৰ এখন নাটক, কি হৈছিল আচলতে?

    সোমবাৰে পুৱা প্ৰায় ১০ বাজি ১০ মিনিটত সংঘটিত হয় এই ঘটনা। ভৰলুত জাপ দিয়া যুৱকজনক উদ্ধাৰৰ চেষ্টা চলায় SDRFয়ে।

    সোমবাৰে পুৱা প্ৰায় ১০ বাজি ১০ মিনিটত সংঘটিত হয় এই ঘটনা। ভৰলুত জাপ দিয়া যুৱকজনক উদ্ধাৰৰ চেষ্টা চলায় SDRFয়ে।

    সোমবাৰে পুৱা প্ৰায় ১০ বাজি ১০ মিনিটত সংঘটিত হয় এই ঘটনা। ভৰলুত জাপ দিয়া যুৱকজনক উদ্ধাৰৰ চেষ্টা চলায় SDRFয়ে।

    • Share this:
    সময় পুৱা ১০ বাজি গৈছিল। হঠাৎ মহানগৰীৰ অনিল নগৰত লাগিল হুৱাদুৱা। কৃত্ৰিম বানৰ বাবে নহয়, আন এক চাঞ্চল্যকৰ ঘটনা ঘটিল অনিল নগৰত। ভৰলু নৈত জাপ দিলে এজন যুৱকে। লগে লগে লাগিল হুৱাদুৱা। খবৰ পাই ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী, SDRF।

    সোমবাৰে পুৱা প্ৰায় ১০ বাজি ১০ মিনিটত সংঘটিত হয় এই ঘটনা। ভৰলুত জাপ দিয়া যুৱকজনক উদ্ধাৰৰ চেষ্টা চলায় SDRFয়ে। ভৰলুত জাপ দি অনিল নগৰৰ নলাইদি শ্লেপৰ তলে তলে পলাবলৈ চেষ্টা কৰা যুৱকজন চোৰ বুলি সন্দেহ কৰে প্ৰত্যক্ষদৰ্শীয়ে। হাতত এটা টোপোলা লৈ নলাৰে পলাবলৈ চেষ্টা কৰা চোৰটোক উদ্ধাৰৰ বাবে ইখনৰ পিছত সিখন শ্লেপ দাঙি চেষ্টা চলালে আৰক্ষী, SDRF আৰু স্থানীয় লোকে। কিন্তু নিজক বচাবলৈ নলায়েদি বহুদূৰ আগবাঢ়ি যায় চোৰটো।

    কেইবাখনো শ্লেপ অতিক্ৰম কৰি অৱশেষত SDRF–এ চোৰটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পানীৰ পৰা তুলি আনি গীতানগৰ আৰক্ষীয়ে কৰায়ত্ত কৰি লৈ যায় চোৰটোক। স্থানীয় লোকৰ সন্দেহ, কোনো লোকৰ ঘৰৰ পৰা মূল্যবান সামগ্ৰী চুৰি কৰি আনি নিজক বচাবলৈ চোৰটোৱে জাপ দিছিল ভৰলুত। প্ৰায় ৪০ মিনিটজোৰা অভিযানৰ পিছত চোৰটো উদ্ধাৰ হ'ল যদিও উদ্ধাৰ নহ'ল কোনো টোপোলা। ইফালে উদ্ধাৰ কৰিবলৈ যোৱা স্থানীয় এজন যুৱকক চোৰটোৱে শিলেৰে মূৰত মাৰি আহত কৰে বুলি কয় স্থানীয় লোকে।
    Published by:Sanjay Kumar Das
    First published: