• Home
  • »
  • News
  • »
  • assam
  • »
  • PM Narendra Modi's Birthday: প্ৰধানমন্ত্ৰীৰ জন্ম দিন, বিজেপিয়ে নাকাটে কেক, আগ নবঢ়ায় নৈবেদ্য 

PM Narendra Modi's Birthday: প্ৰধানমন্ত্ৰীৰ জন্ম দিন, বিজেপিয়ে নাকাটে কেক, আগ নবঢ়ায় নৈবেদ্য 

PM Narendra Modi's Birthday: বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদমেল সম্বোধন কৰি সকলো বিজেপি কাৰ্যকৰ্তাক প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনত কেক কাটিবলৈ বাৰণ কৰাৰ লগতে মন্দিৰত নৈবেদ্য আগনবঢ়াবলৈ অনুৰোধ কৰি সেৱাৰ মনোভাৱেৰেহে জন্মদিনটো পালন কৰিবলৈ আহ্বান জনাইছে ৷ 

PM Narendra Modi's Birthday: বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদমেল সম্বোধন কৰি সকলো বিজেপি কাৰ্যকৰ্তাক প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনত কেক কাটিবলৈ বাৰণ কৰাৰ লগতে মন্দিৰত নৈবেদ্য আগনবঢ়াবলৈ অনুৰোধ কৰি সেৱাৰ মনোভাৱেৰেহে জন্মদিনটো পালন কৰিবলৈ আহ্বান জনাইছে ৷ 

PM Narendra Modi's Birthday: বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদমেল সম্বোধন কৰি সকলো বিজেপি কাৰ্যকৰ্তাক প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনত কেক কাটিবলৈ বাৰণ কৰাৰ লগতে মন্দিৰত নৈবেদ্য আগনবঢ়াবলৈ অনুৰোধ কৰি সেৱাৰ মনোভাৱেৰেহে জন্মদিনটো পালন কৰিবলৈ আহ্বান জনাইছে ৷ 

  • Share this:
১৭ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন (PM Narendra Modi's Birthday)টোক অসম বিজেপি (BJP)য়ে সেৱা পষেক হিচাপে পালন কৰিব ৷ ১৭ ছেপ্টেম্বৰৰ পৰা ২অক্টোবৰলৈকে পালন কৰিব সেৱা পষেক ৷

১৭ ছেপ্টেম্বৰ তাৰিখে ৰক্তদান শিৱিৰ : প্রত্যেকখন জিলাত ৰক্তদান শিৱিৰ অনুষ্ঠিত হ’ব। সর্বাধিকৰক্তদান কৰা ১০ খন জিলাক সন্মানিত কৰা হ'ব। ৰক্তদান শিৱিৰ যুৱ মৰ্চাৰ নেতৃত্বত অনুষ্ঠিত হ’ব অন্য মৰ্চা তথা জিলা সমিতিয়ে এই কাৰ্যসূচীত সম্পূর্ণ সহযোগিতা কৰিব। ১৭ ছেপ্টেম্বৰ তাৰিখে যিহেতু বিশ্বকর্মা পূজা, সেয়েহে প্ৰতিকীভাৱে এটা বা দুটা জিলাতে কাৰ্যসূচী অনুষ্ঠিত হ’ব আৰু ১৮ ছেপ্টেম্বৰতপ্ৰতিখন জিলাতে যুৱ মৰ্চাৰ নেতৃত্বত ৰক্তদান শিৱিৰ অনুষ্ঠিত হ’ব।

১৮ আৰু ১৯ ছেপ্টেম্বৰ স্বচ্ছতা অভিযান : ১৮ আৰু ১৯ ছেপ্টেম্বৰ তাৰিখে দুদিনীয়া স্বচ্ছতা অভিযান কৰিব। ১৮ ছেপ্টেম্বৰ তাৰিখে সকলো ৰাজহুৱা স্থান, ব্যক্তিগত স্থানত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰিব। ১৯ ছেপ্টেম্বৰ তাৰিখে ৰাজহুৱা পুখুৰী, ঐতিহাসিক পুখুৰীসমূহত স্বচ্ছতা অভিযান কৰিব। এই কাৰ্যসূচী বিজেপি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা নেতৃত্বত অনুষ্ঠিত হ’ব। জিলা সমিতি আৰু অন্য মৰ্চাসমূহে এই কাৰ্যসূচীত সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰিব।

২০ আৰু ২১ ছেপ্টেম্বৰ: কোভিড টীকাকৰণ কেন্দ্ৰ/ চিকিৎসালয়ত সেৱা কাৰ্যক্ৰম অনুষ্ঠিত কৰিব। এই কার্যসূচী বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত সকলো জিলাতে অনুষ্ঠিত হ’ব। অন্য সকলে সক্রিয়তাৰে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব।

২২, ২৩ আৰু ২৪ ছেপ্টেম্বৰ : বিনামূলীয়া স্বাস্থ্য শিৱিৰ আয়োজন কৰিব। ১০ খন শ্রেষ্ঠ আয়োজক জিলাক সন্মানিত কৰা হ'ব। বিনামূলীয়া স্বাস্থ্য শিৱিৰ দলৰ অনুসূচিত জাতি মৰ্চা, চাহ জনগোষ্ঠী মৰ্চা আৰু কিচিৎসা কোষৰ উদ্যোগত প্ৰতিখন জিলা তথা মণ্ডলত অনুষ্ঠিত হ’ব।

২৫ আৰু ২৬ ছেপ্টেম্বৰত বৃক্ষ ৰোপণ : ২৫ ছেপ্টেম্বৰত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিৱস উপলক্ষে প্ৰতিটো বুথতে তেখেতৰ প্ৰতিচ্ছৱিত শ্রদ্ধাঞ্জলি অৰ্পন কৰিব। তেখেতৰ ব্যক্তিত্ব, কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিব। এই ক্ষেত্ৰত আগতেই নিৰ্দিষ্ট আৰু অভিজ্ঞ বক্তা বাচনি কৰিব। আমাৰ দলৰ বিচাৰধাৰাৰ ধাৰত দলক সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপি কৰাৰ সংকল্প আমি সকলো কাৰ্যকৰ্তাই ল’ব লাগে। (২৫ছেপ্টেম্বৰ তাৰিখে প্রধানমন্ত্ৰীৰ মন-কী বাত কাৰ্যসূচী আছে)।

ইয়াৰ উপৰিও ২৫ আৰু ২৬ দুদিনীয়া বৃক্ষৰোপণ কাৰ্যসূচী প্ৰভাৱীভাৱে অনুষ্ঠিত কৰিব। বৃক্ষ ৰোপণৰ লগতে ৰোপণ কৰা বৃক্ষৰ লালন পালন কৰাৰ দায়িত্ব ল’ব লাগিব ।আমাৰ সকলোৰে প্ৰেৰণাদায়ক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী আৰু দুদিনীয়া বৃক্ষ ৰোপণ কার্যসূচী বিজেপি মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হ’ব। দলৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই এই কাৰ্যসূচীত সক্রিয়তাৰে অংশ গ্ৰহণ কৰিব।

২৭ আৰু ২৮ ছেপ্টেম্বৰ - ব্যক্তিত্ব, ভিজন, নীতি প্ৰদৰ্শনী : প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ ওপৰত প্ৰদৰ্শনী আয়োজন কৰিব। এই কার্যক্ৰমৰ ৰূপৰেখা কেন্দ্ৰীয় সমিতিৰ পৰা প্ৰেৰণ কৰিব। বিজেপি কিষান মৰ্চাই কৃষিক্ষেত্ৰৰ লগত জড়িত হিতাধিকাৰীসকলক সাক্ষাৎ কৰিব আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছামূলক এখন পোষ্ট কাৰ্ড প্ৰেৰণ কৰাৰ বাবে প্রেৰিত কৰিব।

২৯ আৰু ৩০ ছেপ্টেম্বৰ - প্রবুদ্ধ ব্যক্তি সন্মিলন : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপলব্ধি আধাৰিত প্ৰবুদ্ধ ব্যক্তি সন্মিলন প্রতিখন জিলাতে অনুষ্ঠিত কৰিব।

১ অক্টোবৰ – জল সংৰক্ষণ : প্ৰতিখন জিলাতে “জল হী জীৱন” মন্ত্ৰক সফল কৰাৰ বাবে অভিযান চলাব। প্ৰতিখন মণ্ডলত জল সংৰক্ষণৰ বাবে ঘৰে ঘৰে সম্পৰ্ক অভিযান কৰিব।জন সংৰক্ষণৰ বাবে ঘৰে ঘৰে সম্পৰ্ক অভিযান কাৰ্যসূচী বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত প্ৰতিখন জিলা আৰু মণ্ডলত প্ৰভাৱীভাৱে অনুষ্ঠিত হ'ব।

২ অক্টোবৰ : মহাত্মা গান্ধীৰ জন্মদিৱস উপলক্ষে গান্ধীজীৰ লক্ষ্য, স্বদেশী, খাদী, সাধাৰণ জীৱন যাপন,স্বচ্ছতা আদি প্ৰচাৰ হেতু অভিযান চলাব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “আত্মনিৰ্ভৰ ভাৰত” অভিযানক সমর্থন জনাই স্থানীয় উৎপাদক, ব্যৱসায়ীসকলক উৎসাহিত আৰু সন্মানিত কৰাৰ বাবে জিলা আৰু মণ্ডলৰ বিষয়ববীয়াসকলে ভূমিকা ল’ব। স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে অভিযান খাদী বিক্রী কেন্দ্ৰসমূহ ভ্ৰমণ কৰিব।

শুকুৰবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদমেল সম্বোধন কৰি সকলো বিজেপি কাৰ্যকৰ্তাক প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনত কেক কাটিবলৈ বাৰণ কৰাৰ লগতে মন্দিৰত নৈবেদ্য আগনবঢ়াবলৈ অনুৰোধ কৰি সেৱাৰ মনোভাৱেৰেহে জন্মদিনটো পালন কৰিবলৈ আহ্বান জনাইছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি