Pijush Hazarika: পিযুষ হাজৰিকাই কয় যে মাটি ক্ৰয় কৰাটো বেআইনী নহয়, যদি কিবা তথ্য-প্ৰমাণ আছে আদালতলৈ যাওক।
Pijush Hazarika: পিযুষ হাজৰিকাই কয় যে মাটি ক্ৰয় কৰাটো বেআইনী নহয়, যদি কিবা তথ্য-প্ৰমাণ আছে আদালতলৈ যাওক।
ভূপেন বৰা (Bhupen Bora)ই ফ্লেটৰ তুলনাত মাটিৰ প্ৰসংগ টানি অনাৰ পিছতেই অধিক আক্ৰমণাত্মক হৈ পৰিছে মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)। পিযুষ হাজৰিকাই কয়, "মিনাৰেল ৱাটাৰ ভূপেন বৰাই অন্যায় কাম কৰি আছিল বুলি স্বীকাৰ কৰিছে; কিন্তু স্বীকাৰ কৰিলেই সকলো শেষ হয় নেকি, মাৰ্ডাৰ কৰি স্বীকাৰ কৰিলেও দোষ শেষ হয় নেকি?"
আনহাতে মাটি ক্ৰয়ৰ প্ৰসংগত পিযুষ হাজৰিকাই কয় যে মাটি ক্ৰয় কৰাটো বেআইনী নহয়, যদি কিবা তথ্য-প্ৰমাণ আছে আদালতলৈ যাওক। কিন্তু তেওঁ এইটোও দাবী কৰে যে ১ লাখ টকা দৰমহা পোৱা সকলোৱে হাউছিঙৰ ফ্লেট এৰি দিব লাগে।
ইপিনে মাজুলীৰ উপনিৰ্বাচন (Majuli Bye Election)সম্পৰ্কত মন্তব্য কৰি পিযুষ হাজৰিকাই কয় যে মাজুলীত ৫০ৰ পৰা ৬০ হাজাৰ ভোটত হাৰিব কংগ্ৰেছ। "মাজুলীৰ পৰা ওলাই আহি ভুবন গাম প্ৰতিষ্ঠিত ব্যৱসায়ী হৈছে, অসমীয়া খাদ্যক প্ৰতিষ্ঠা কৰিছে। ভুৱন গাম (Bhuban Gam)ৰ ৰেষ্টুৰেণ্টত খোৱাৰ সময়ত ভাল, এতিয়া কংগ্ৰেছৰ কাৰণে বেয়া হৈ গ'ল! যোৱাবাৰ দেখোন দিচাং ৰিজ'ৰ্টত কংগ্ৰেছে মন্ত্ৰীসভা পাতিলে, ক'ভিড কেনেকৈ নিয়ন্ত্ৰণ কৰিব আলোচনা কৰিছিল; ফলাফল কি হ'ল?" এই বুলি কংগ্ৰেছ (Congress)ক সমালোচনা কৰে পিযুষ হাজৰিকাই।
পিযুষে আকৌ কয়, "মই কংগ্ৰেছৰ পৰা ওলাই আহি অসমীয়াৰ হৈ কাম কৰিব পাৰিছোঁ, চোৰ-ডকাইতৰ সপক্ষে আন্দোলন কৰা কংগ্ৰেছ ত্যাগ কৰাটো মোৰ আটাইতকৈ ভাল সিদ্ধান্ত।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|