உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Bhupen Bora|Pijush Hazarika: ভূপেন বৰাৰ পত্নীৰ নামত আছে হাউছিঙৰ ফ্লেট, সংবাদমাধ্যমত পিযুষ হাজৰিকাৰ অভিযোগ

    Bhupen Bora|Pijush Hazarika: ভূপেন বৰাৰ পত্নীৰ নামত আছে হাউছিঙৰ ফ্লেট, সংবাদমাধ্যমত পিযুষ হাজৰিকাৰ অভিযোগ

    Bhupen Bora|Pijush Hazarika: নিজকে মিনাৰেল ৱাটাৰ বুলি কয় ভূপেন বৰাই, তেন্তে হআউছিঙৰ ঘৰ কিয় এৰি দিয়া নাই?

    Bhupen Bora|Pijush Hazarika: নিজকে মিনাৰেল ৱাটাৰ বুলি কয় ভূপেন বৰাই, তেন্তে হআউছিঙৰ ঘৰ কিয় এৰি দিয়া নাই?

    Bhupen Bora|Pijush Hazarika: নিজকে মিনাৰেল ৱাটাৰ বুলি কয় ভূপেন বৰাই, তেন্তে হআউছিঙৰ ঘৰ কিয় এৰি দিয়া নাই?

    • Share this:
    প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Bora)ৰ পত্নীৰ নামত হাউছিঙৰ ফ্লেট আছে ৷ আজি তথ্যসহ সংবাদ মাধ্যমৰ সন্মুখত এই অভিযোগ কৰে মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)ই। মন্ত্ৰীগৰাকীয়ে কয় যে ২০০৬ চনতে আৱণ্টন পাইছিল ফ্লেটটো। গোবিন্দ শইকীয়া নামৰ এজন লোকক ঘৰটো আৱণ্টন দিব লাগে বুলি আবেদনো কৰিছিল হেনো ভূপেন বৰাৰ পত্নীয়ে।

    মন্ত্ৰী পিযুষৰ অভিযোগ ১৫ বছৰে ঘৰটো বেদখল কৰি ৰাখিছে ভূপেন বৰাৰ পত্নীয়ে।
    ঘৰটো পোৱাৱাৰ ৩ মাহ পিছত ভূপেন বৰা নিৰ্বাচনত জয়ী হৈছিল। আনহাতে ভূপেন বৰাৰ পত্নীয়ে ১ লাখ ৯০ হাজাৰ টকা দৰমাহ পায় বুলি উল্লেখ কৰি ভূপেন বৰাই বিধায়ক হোৱাৰ আৰু পত্নীয়ে চাকৰি পোৱাৰ পিছতো কিয় হাউছিঙৰ ঘৰ এৰা নাই বুলি প্ৰশ্ন কৰে পিযুষ হাজৰিকাই। "মাছ বুলি নাখায় জীজী বুলি খায়" বুলি ভূপেন বৰাক কটাক্ষ কৰে মন্ত্ৰী পিযুষে।

    উল্লেখ্য যে গোবিন্দ শইকীয়া ভূপেন বৰাৰ গাঁৱৰ মানুহ।
    Published by:Manjumoni Borah
    First published: