உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সুৰাপান কৰিলেই বিপদ! পিকনিক প্লেচত দেওবাৰৰ পৰা চলিব আৰক্ষীৰ অভিযান...

    সুৰাপান কৰিলেই বিপদ! পিকনিক প্লেচত দেওবাৰৰ পৰা চলিব আৰক্ষীৰ অভিযান...

    মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ব্যাপক সঁহাৰি ৰাজ্যবাসীৰ। ৩১ ডিচেম্বৰৰ নিশা নহ'ল এটাও দুৰ্ঘটনা!

    মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ব্যাপক সঁহাৰি ৰাজ্যবাসীৰ। ৩১ ডিচেম্বৰৰ নিশা নহ'ল এটাও দুৰ্ঘটনা!

    মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ব্যাপক সঁহাৰি ৰাজ্যবাসীৰ। ৩১ ডিচেম্বৰৰ নিশা নহ'ল এটাও দুৰ্ঘটনা!

    • Share this:
    পহিলা জানুৱাৰীৰ দিনটোতে গুৱাহাটী মহানগৰী আৰক্ষীৰ যান-বাহন শাখাই এখন সংবাদমেল সংবাদমেল সম্বোধন কৰে। ৰাজ্যবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাই আৰক্ষীৰ লোকসকলে। ইফালে যোৱা নিশা আৰক্ষীৰ অভিযান সফল কৰাত সহযোগ কৰাৰ বাবে গুৱাহাটী মহানগৰীৰ প্ৰতিগৰাকী নাগৰিকলৈ অভিনন্দন জনায়।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰৰ নিশা সুৰাপান কৰি গাড়ী নচলাবলৈ কৰা আহ্বানলৈ সঁহাৰি জনাইছে ৰাজ্যবাসীয়ে।সেইদৰে দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰক্ষীয়েও নিশা তীব্ৰতৰ কৰি তুলিছিল অভিযান। শুকুৰবাৰে নিশা  গুৱাহাটীত ৫৫টা স্থানত চলিছিল আৰক্ষীৰ অভিযান।১১৫টা সুৰাপান কৰি গাড়ী চলোৱা কেচ পোৱা গৈছে।যি পূৰ্বৰ বছৰবোৰৰ তুলনাত একেবাৰে নগণ্য।

    ইফালে ডিচেম্বৰ মাহত ১২,১৩৪ টা হেলমেট নিপিন্ধা কেচ ৰুজু হৈছিল। ডিচেম্বৰ মাহত সুৰাপান কৰি গাড়ী চলোৱা ৬৩৮টা কেছ গুৱাহাটী মহানগৰীত ৰুজু হৈছিল। এই সন্দৰ্ভক স্পষ্টীকৰণ দি আৰক্ষীয়ে কয় যে, 'জৰিমনা কোনো ফুৰ্তিত কৰা নহয় এয়া একমাত্ৰ ৰাইজক সজাগতা অনাৰ বাবেহে কৰা হয়। যিসকলে নিয়ম ভাঙে তেওঁলোকে জৰিমনা দিবলৈ বেয়া নাপায়।'

    উল্লেখ্য যে, যোৱা নিশা ৭টা পথ দুৰ্ঘটনা হৈছে, ৬৬ খন অনুজ্ঞাপত্ৰ বাতিল কৰা হয়। ইফালে অহা দেওবাৰে পিকনিক প্লেছত আৰক্ষীয়ে চলাব অভিযান। অভিযানত পিকনিক খাবলৈ যোৱাসকলক লৈ যোৱা বাহনৰ চালকক পৰীক্ষা কৰা হ'ব। যদি সুৰা পান কৰে ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে আৰক্ষীৰ ফালৰ পৰা।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: