உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘আমাক আমাৰ প্ৰাপ্য দিয়ক’ – মহানগৰীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে PHE অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

    ‘আমাক আমাৰ প্ৰাপ্য দিয়ক’ – মহানগৰীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে PHE অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

    প্ৰাপ্য ধন মুকলি কৰি দিবলৈ এইসকল কৰ্মচাৰীয়ে বিভাগীয় মন্ত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে।

    প্ৰাপ্য ধন মুকলি কৰি দিবলৈ এইসকল কৰ্মচাৰীয়ে বিভাগীয় মন্ত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে।

    প্ৰাপ্য ধন মুকলি কৰি দিবলৈ এইসকল কৰ্মচাৰীয়ে বিভাগীয় মন্ত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে।

    • Share this:
    ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত ৮৯০৪ জন অস্থায়ী কৰ্মচাৰীৰ। ৰজ্য চৰকাৰ, ভাৰত চৰকাৰে নিত্য নতুন আঁচনি ঘোষণা কৰিছে। জল জীৱন, মিছন জল, ঘৰে ঘৰে পানী আদি বিভিন্ন আঁচনি ঘোষণা কৰিছে যদিও পানী যোগান দিয়া লোকসকলে পোৱা নাই নিজৰ প্ৰাপ্য। চৰকাৰৰ পৰা প্ৰাপ্যৰ আশা কৰি আহিছে নিজৰ কাম। মহানগৰীৰ লগতে অসমৰ চুকে কোণে প্ৰত্যেক ঘৰকে সময়মতে পানী যোগান দি আহিছে যদিও নিজে কিন্তু সুদীৰ্ঘ ১৫–২০ বছৰ ধৰি বঞ্চিত হৈ আছে প্ৰাপ্যৰ পৰা।

    আজি  মহানগৰীৰ বেলতলাতস্থিত ৰূক্মিণীনগৰ বিহু খেল পথাৰত সদৌ অসম PHE অস্থায়ী কৰ্মচাৰী সকলে সংবাদমেল সম্বোধন কৰি তীব্ৰ ক্ষোভ ব্যক্ত কৰে সংবাদ মাধ্যমৰ জৰিয়তে। দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অস্থায়ী কৰ্মচাৰীসকল। নিজৰ ভূমি জনস্বাস্থ্য কাৰিকৰি বিভাগক হস্তান্তৰ কৰি জনসাধৰণক পানীযোগান দিয়াৰ বাবে পানী যোগান আঁচনি বহাবলৈ দিছিল এই সকল কৰ্মচাৰীয়ে। আশা কৰিছিল চৰকাৰী চাকৰিৰ। জলজীৱন মিছন নামৰ আঁচনিৰ অধীনত প্ৰত্যক ঘৰে ঘৰে পানী যোগান দিব লাগে, কিন্তু দৰমহা নপোৱাত ক্ষোভিত এইসকল কৰ্মচাৰী।

    প্ৰাপ্য ধন মুকলি কৰি দিবলৈ এইসকল কৰ্মচাৰীয়ে বিভাগীয় মন্ত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে। লকডাউনৰ সময়ত চালক–হেণ্ডিমেন , পূজাৰীসকলক মুকলি কৰি দিছে সাহায্য।মুখ্যমন্ত্ৰীক শেষ ভৰসা কৰি নিজৰ চাকৰিটো নিয়মীয়াকৰণৰ বাবেও আশাৰে বাট চাই ৰৈছে এইসকল কৰ্মচাৰী।
    Published by:Sanjay Kumar Das
    First published: