• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত শক্তিশালী খোপনি পুতিবলৈ চেষ্টা কৰি আছে PFIয়ে, ADGP হীৰেন নাথৰ গুৰুত্বপূৰ্ণ মন্তব্য

অসমত শক্তিশালী খোপনি পুতিবলৈ চেষ্টা কৰি আছে PFIয়ে, ADGP হীৰেন নাথৰ গুৰুত্বপূৰ্ণ মন্তব্য

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱাত থানা জ্বলোৱা কাৰ্যৰ আঁৰত PFIৰ হাত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে সংগঠনটো নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।

  • Share this:
অসমত খোপনি পুতিবলৈ অহৰহ চেষ্টা কৰি আছে PFIয়ে। আজি সংবাদ সংস্থা ANIৰ আগত এই কথা প্ৰকাশ কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (Special Branch) হীৰেন নাথে। ADGP নাথে কয়, "আমি PFIৰ বিৰুদ্ধে ১৬টা & CFIৰ বিৰুদ্ধে ২টা গোচৰ পঞ্জীয়ন কৰিছোঁ। তেওঁলোকৰ মোডাছ অপাৰেণ্ডি হ’ল সমগ্ৰ দেশতে ঘটি থকা যিকোনো ঘটনাক লৈ, সেইবোৰৰ সৈতে ৰাষ্ট্ৰৰ কোনো সম্পৰ্ক নাথাকিলেও বিক্ষোভ অনুষ্ঠিত কৰা।"

ADGP নাথে আকৌ কয়, "সংখ্যালঘু সম্প্ৰদায়ৰ সৈতে জড়িত যিকোনো সৰু সৰু বিষয়ক তেওঁলোকে সম্প্ৰদায়টোৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিব যিটো এক প্ৰকাৰৰ উচতনি। আমি এইটো কেতিয়াও হ'বলৈ নিদিওঁ। আমি তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিছোঁ।"

উল্লেখ্য যে বটদ্ৰৱা কাণ্ড (Batadrawa Incident)ৰ পিছত পুনৰবাৰ অসমত PFIৰ গতিবিধিক লৈ সৰৱ চৰ্চা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বটদ্ৰৱাত থানা জ্বলোৱা কাৰ্যৰ আঁৰত PFIৰ হাত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে সংগঠনটো নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।
Published by:Manjumoni Borah
First published: