ৰাজস্থানৰ গংগানগৰ জিলাত পেট্ৰ'লৰ প্ৰতি লিটাৰত ১০৫.৫১ টকা। অসমত আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৯১.০৬ টকা আৰু ডিজেলৰ দাম ৮৮.৯৯ টকা।
ৰাজস্থানৰ গংগানগৰ জিলাত পেট্ৰ'লৰ প্ৰতি লিটাৰত ১০৫.৫১ টকা। অসমত আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৯১.০৬ টকা আৰু ডিজেলৰ দাম ৮৮.৯৯ টকা।
দেশত অপ্ৰতিৰোধ্য হৈ পৰিছে পেট্ৰ'ল-ডিজেলৰ দাম। আজি ৰাজস্থানৰ গংগানগৰ জিলাত পেট্ৰ'লৰ দামে ১০৫ টকাৰ সীমা অতিক্ৰম কৰি হয়গৈ প্ৰতি লিটাৰত ১০৫.৫১ টকা। দেশৰ সকলো মেট্ৰ' চহৰৰ ভিতৰত মুম্বাইতেই সৰ্বাধিক পেট্ৰ'ল-ডিজেলৰ দাম। মুম্বাইত আজি পেট্ৰ'লৰ দাম ১০১.৫২ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৩ টকা।
অসমতো দৈনিক উৰ্ধগামী হৈছে পেট্ৰ'ল-ডিজেলৰ দাম। অসমত আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৯১.০৬ টকা আৰু ডিজেলৰ দাম ৮৮.৯৯ টকা। এই হাৰত বৃদ্ধি হৈ থাকিলে অসমতো প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ১০০ টকা হ'বলৈ বেছি পৰ নালাগিব।
উল্লেখ্য যে ৰাজস্থানৰ গংগানগৰত ১০৫ টকা আৰু মুম্বাইত ১০১ টকাৰ উপৰিও ৰাজস্থানৰ জয়পুৰ আৰু মহাৰাষ্ট্ৰৰ পৰভানিটো প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ১০১ টকাৰ ওপৰত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|