• Home
  • »
  • News
  • »
  • assam
  • »
  • Petrol-Diesel Price: ব্যয়বহুল হৈ পৰিছে পেট্ৰ'ল-ডিজেল ! দেশৰ কেইবাখনো ঠাইত ইন্ধনৰ মূল্যই অতিক্ৰম কৰিলে ১০৪টকাৰ ঘৰ ! গুৱাহাটীত হৈছে কিমান দাম ?

Petrol-Diesel Price: ব্যয়বহুল হৈ পৰিছে পেট্ৰ'ল-ডিজেল ! দেশৰ কেইবাখনো ঠাইত ইন্ধনৰ মূল্যই অতিক্ৰম কৰিলে ১০৪টকাৰ ঘৰ ! গুৱাহাটীত হৈছে কিমান দাম ?

Petrol-Diesel Price: ২ মে'ৰ পৰা দেশত প্ৰতি লিটাৰ পেট্ৰ'লত ৩.৩১ টকাকৈ, ডিজেল প্ৰতি লিটাৰত ৩.৬৮ টকা ব্যয়বহুল হৈ পৰিছে ।

Petrol-Diesel Price: ২ মে'ৰ পৰা দেশত প্ৰতি লিটাৰ পেট্ৰ'লত ৩.৩১ টকাকৈ, ডিজেল প্ৰতি লিটাৰত ৩.৬৮ টকা ব্যয়বহুল হৈ পৰিছে ।

Petrol-Diesel Price: ২ মে'ৰ পৰা দেশত প্ৰতি লিটাৰ পেট্ৰ'লত ৩.৩১ টকাকৈ, ডিজেল প্ৰতি লিটাৰত ৩.৬৮ টকা ব্যয়বহুল হৈ পৰিছে ।

  • Share this:
Petrol-Diesel Price: বৃহস্পতিবাৰৰ মূল্য বৃদ্ধিৰ পিচত আজিৰ দিনটোত ঘৰুৱা বজাৰত চৰকাৰী তেল বিপণন কোম্পানীবোৰে (OMC) পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি কৰা নাই ।
বিশ্বৰ তৃতীয় সৰ্ববৃহৎ খাৰুৱা তেলৰ গ্ৰাহক ভাৰতে বৰ্তমান কোৰোণাৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি দি থকাৰ মাজতে অব্যাহত আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি । কালিৰ দিনটোত দিল্লীত পেট্ৰ'লত ২৪ পইচা আৰু ডিজেলত ২৯ পইচা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল।

২ মে'ৰ পৰা পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ১৫ বাৰকৈ বৃদ্ধি পোৱাৰ ফলত পেট্ৰ'ল প্ৰতি লিটাৰত ৩.৩১ টকা আৰু ডিজেল প্ৰতিলিটাৰত ৩.৬৮ টকা কৈ ব্যয়বহুল হৈ পৰে । ইন্ধনৰ এনে মূল্য বৃদ্ধিৰ পিছতে ৰাজস্থানৰ শ্ৰী গংগানগৰ, ভূপাল,অনুপপুৰত পেট্ৰ'লৰ মূল্যই প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰে । আনফালে নাগাৰাবন্ধত পেট্ৰ'লৰ মূল্যই প্ৰতি লিটাৰত ১০৪ টকা অতিক্ৰম কৰিছে।

জানি লওক আপোনাৰ চহৰত তেলৰ মূল্য -

২৮ মে' অৰ্থাত্ আজিৰ দিনটোত দিল্লীত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱা নাই। যদিও বৃহস্পতিবাৰৰ দিনটোত পেট্ৰ'লত ২৪ পইচা আৰু ডিজেলত ২৯ পইচা ব্যয়বহুল হৈ পৰিছিল। যাৰ ফলত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯৩.৬৮ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮৪.৬১ টকা হৈছিল ।

আজিৰ দিনটোত মুম্বাইত প্ৰতি লিটাৰত পেট্ৰ'লৰ মূল্য হৈছে ৯৯.৯৪ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১.৮৭ টকা।

কলকাতাতো পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯৩.৭২ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮৭.৪৬ টকাত বিক্ৰী কৰা হৈছে।

চেন্নাইতো আজি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হোৱা নাই। পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯৫.২৮ টকা আৰু ডিেজেলৰ মূল্য হৈছে ৮৯.৩৯ টকা ।

বাংগালুৰুত আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৯৬.৮০ টকা আৰু ডিজেলৰ মূল্য ৮৯.৭০ টকা।

গুৱাহাটীত আজিৰ দিনটোত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৮৯.৫৮ টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৮৪.৫৭ টকা।

মধ্যপ্ৰদেশৰ ভূপালত পেট্ৰ'ল প্ৰতি লিটাৰত ১০১.৭৭ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৩.০৭ টকাত উপনীত হৈছে। একেদৰে, ৰাজস্থানৰ শ্ৰী গংগানগৰত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০৪.৬৭ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৯৭.৪৯ টকা। আনফালে অনুপপুৰত পেট্ৰ'ল প্ৰতি লিটাৰত ১০৪.৩৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৫.৪৬ টকা।

এনেদৰে পৰীক্ষা কৰক আপোনাৰ চহৰৰ মূল্য -

আপুনি SMSৰ জৰিয়তে পেট্ৰ'ল-ডিজেল মূল্য জানিব পাৰে । প্ৰতিদিনে পুৱা ৬ বজাৰ পিছতেই নতুন পেট্ৰ'ল ডিজেলৰ মূল্য জাৰী কৰা হয় । ইণ্ডিয়ান অইল বেৱচাইটৰ মতে আপুনি RSPৰ সৈতে আপোনাৰ চহৰৰ কোড লিখি 92249 92249 লৈ SMS প্ৰেৰণ কৰিব লাগিব। প্ৰতিখন চহৰৰ ভিন্ন কোড থাকে । সেয়া আপুনি IOCLৰ ৱেবচাইটত চাব পাৰিব । আনফালে BPCLৰ গ্ৰাহকে RSP লিখি 9223112222 নম্বৰত আৰু HPCLৰ গ্ৰাহকে HPPrice লিখি 9222201122 নম্বৰত মেছেজ প্ৰেৰণ আপোনাৰ চহৰৰ পেট্ৰ'ল-ডিজেলৰ মূল্য জানিব পাৰিব ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি