Petrol Diesel Price Today: চৰকাৰী তেল কোম্পানীবোৰে এদিনৰ পিছতেই আজি পুনৰ বৃদ্ধি কৰিছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । আজি পুনৰ পেট্ৰ'লৰ মূল্য ২৩ৰ পৰা ২৫ পইচা বৃদ্ধি কৰা হৈছে, আনহাতে ডিজেলৰ মূল্যতো প্ৰায় একেই বৃদ্ধি পৰিলক্ষিত হৈছে ।
Petrol Diesel Price Today: চৰকাৰী তেল কোম্পানীবোৰে এদিনৰ পিছতেই আজি পুনৰ বৃদ্ধি কৰিছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । আজি পুনৰ পেট্ৰ'লৰ মূল্য ২৩ৰ পৰা ২৫ পইচা বৃদ্ধি কৰা হৈছে, আনহাতে ডিজেলৰ মূল্যতো প্ৰায় একেই বৃদ্ধি পৰিলক্ষিত হৈছে ।
চৰকাৰী তেল কোম্পানীবোৰে এদিনৰ পিছতেই আজি পুনৰ বৃদ্ধি কৰিছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । ক্ৰমান্বয়ে ব্যয়বহুল হৈ পৰা পেট্ৰ'ল আৰু ডিজেলে এতিয়া জ্বলাকলা খোৱাইছে সাধাৰণ জনতাক । আজি পুনৰ পেট্ৰ'লৰ মূল্যত ২৩ৰ পৰা ২৫ পইচা বৃদ্ধি কৰা হৈছে, আনহাতে ডিজেলৰ মূল্যতো প্ৰায় একেই বৃদ্ধি পৰিলক্ষিত হৈছে । ইয়াৰ পূৰ্বে দেওবাৰৰ দিনটোত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১৫ৰ পৰা ১৭ পইচা আৰু ডিজেলৰ মূল্যত ২৫-২৯ পইচা বৃদ্ধি কৰা হৈছিল
প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় ইন্ধনৰ মূল্য -
পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয়। নতুন মূল্যবোৰ পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত ইয়াৰ মূল্য প্ৰায় দুগুণ হৈ পৰে । বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।
আজিৰ দিনটোত দেশৰ মহানগৰসমূহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য এনেধৰণৰ -
- দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯৩.৪৪ টকা আৰু ডিজেলৰ মূল্য ৮৪.৩২ টকা ।
- মুম্বাইত পেট্ৰ'লৰ মূল্য ৯৯.৭১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১.৫৭ টকা।
-গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮৯.৩৯ টকা আৰু ডিজেলৰ মূল্য ৮৪.৩২ টকা ।
-কলকাতাত পেট্ৰ'লৰ মূল্য ৯৩.৪৯ টকা,আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮৭.১৬ টকা।
-চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯৫.০৬ টকা আৰু ডিজেলৰ মূল্য ৮৯.১১ টকা।
- নয়ডাত পেট্ৰ'ল প্ৰতি লিটাৰত ৯১.১১ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৪.৭৯ টকা ।
এনেদৰে পৰীক্ষা কৰক আপোনাৰ চহৰৰ মূল্য -
দেশৰ তিনিটাকৈ তেল বিপণন কোম্পানী HPCL, BPCL আৰু IOC য়ে পুৱা ৬ বজাৰ পিছতেই নতুন পেট্ৰ'ল ডিজেলৰ মূল্য জাৰী কৰে । নতুন মূল্যৰ বাবে ৱেবছাইটলৈ গৈ তথ্য লাভ কৰিব পাৰিব । একে সময়তে, আপুনি SMSৰ জৰিয়তেও মূল্য পৰীক্ষা কৰিব পাৰে। আপুনি92249 92249 লৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বিষয়েও জানিব পাৰে।
আপুনি RSP<Space> পেট্ৰ'ল পাম্প ডিলাৰৰ কোড লিখি 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব। যদি আপুনি দিল্লীত আছে আৰু বাৰ্তাৰ জৰিয়তে পেট্ৰ'ল ডিজেলৰ মূল্য জানিব বিচাৰে, আপুনি RSP102072 লিখিব লাগিব আৰু ইয়াক 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|