গুৱাহাটীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯২.৬৫ টকালৈ বৃদ্ধি হয় আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮৭.২১ টকালৈ বৃদ্ধি হয়।
গুৱাহাটীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯২.৬৫ টকালৈ বৃদ্ধি হয় আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮৭.২১ টকালৈ বৃদ্ধি হয়।
Petrol Price: এদিনৰ সকাহৰ পিছতে সমগ্ৰ দেশতে শুকুৰবাৰে আকৌ এবাৰ বৃদ্ধি কৰা হৈছিল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । ৰাজ্যিক মালিকানাধীন তেল কোম্পানীবোৰে পুনৰ বৃদ্ধি কৰে পেট্ৰ'ল-ডিজেলৰ মূল্য । যাৰ ফলত ইন্ধন সামগ্ৰীৰ এনে বৰ্ধিত মূল্যই সাধাৰণ জনতাৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । শুকুৰবাৰে দেশৰ ভিন্ন প্ৰান্তত পেট্ৰ'ল প্ৰতি লিটাৰত ২৩ৰ পৰা ২৭পইচা আৰু ডিজেল প্ৰতি লিটাৰত ২৭-৩০ পইচাকৈ বৃদ্ধি কৰা হৈছে । এই বৃদ্ধিৰ পিছতে গুৱাহাটীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯২.৬৫ টকালৈ বৃদ্ধি হয় আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮৭.২১ টকালৈ বৃদ্ধি হয়।
জানক মহানগৰসমূহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য -
- দিল্লীত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৬.৯৩ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৭.৬৯ টকা
- মুম্বাইত পেট্ৰ'লৰ মূল্য ১০৩.০৮ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৫.১৪ টকা
- কলকাতাত পেট্ৰ'ল ৯৬.৮৪ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯০.৫৪ টকা
- চেন্নাইত পেট্ৰ'ল ৯৮.১৪ টকা আৰু ডিজেল ৯২.৩১ টকা
- ভূপালত প্ৰতি লিটাৰত পেট্ৰ'ল ১০৫.১৩ টকা আৰু ডিজেল৯৬.৩৫ টকা
- হায়দৰাবাদত প্ৰতি লিটাৰ পেট্ৰ'ল ১০০.৭৪ টকা আৰু ডিজেল ৯৫.৫৯ টকা
- বাংগালুৰুত পেট্ৰ'ল ১০০.১৭ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯২.৯৭ টকা
- নয়ডাত পেট্ৰ'ল ৯৪.২৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৮.১৮ টকা
এনেদৰে পৰীক্ষা কৰক আপোনাৰ চহৰৰ মূল্য -
দেশৰ তিনিটাকৈ তেল বিপণন কোম্পানী HPCL, BPCL আৰু IOC য়ে পুৱা ৬ বজাৰ পিছতেই নতুন পেট্ৰ'ল ডিজেলৰ মূল্য জাৰী কৰে । নতুন মূল্যৰ বাবে ৱেবছাইটলৈ গৈ তথ্য লাভ কৰিব পাৰিব । একে সময়তে, আপুনি SMSৰ জৰিয়তেও মূল্য পৰীক্ষা কৰিব পাৰে। আপুনি 92249 92249 লৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বিষয়েও জানিব পাৰে।
আপুনি RSP<Space> পেট্ৰ'ল পাম্প ডিলাৰৰ কোড লিখি 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব। যদি আপুনি দিল্লীত আছে আৰু বাৰ্তাৰ জৰিয়তে পেট্ৰ'ল ডিজেলৰ মূল্য জানিব বিচাৰে, আপুনি RSP102072 লিখিব লাগিব আৰু ইয়াক 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব ।
প্ৰতিদিনে ৬ বজাত সলনি হয় মূল্য -
পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয়। নতুন মূল্যবোৰ পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত ইয়াৰ মূল্য প্ৰায় দুগুণ হৈ পৰে । বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|