• Home
  • »
  • News
  • »
  • assam
  • »
  • ল’ক ডাউনৰ সময়ত ব্যক্তিগত বাহন লৈ নাহিব বজাৰ কৰিবলৈ, অন্যথা...

ল’ক ডাউনৰ সময়ত ব্যক্তিগত বাহন লৈ নাহিব বজাৰ কৰিবলৈ, অন্যথা...

Photo : sentinelassam.com

Photo : sentinelassam.com

আৰক্ষী  আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ ৰাইজলৈ আহ্বান, খোজকাঢ়ি যাওক গেলামাল সামগ্ৰী ক্ৰয় কৰিবলৈ

  • Share this:
গুৱাহাটীত চলি আছে ল’ক ডাউন। কিন্তু তাৰ মাজতে সোমবাৰৰ পৰা কিছু শিথিল হৈছে ল’ক ডাউন। ল’ক ডাউন শিথিল কৰাৰ পিছতে বজাৰত দেখা গ’ল ব্যাপক ভিৰ। আনকি ঠায়ে ঠয়ে দেখা গ’ল ব্যাপক যান-যঁট। ফলত এতিয়া অধিক কঠোৰ হৈছে আৰক্ষী। এতিয়াৰ পৰা বজাৰ কৰিবলৈ আহোতে গাড়ী বা মটৰ চাইকেল আনিলেই হ’ব বিপদ। আৰক্ষী ৰৈ আছে আপোনাক জৰিমনা বিহাৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ।

আৰক্ষী  আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ ৰাইজলৈ আহ্বান, খোজকাঢ়ি যাওক গেলামাল সামগ্ৰী ক্ৰয় কৰিবলৈ ৷ সোমবাৰৰ পৰা নিদিষ্ট সময়ৰ বাবে গুৱাহাটীৰ গেলামালৰ দোকান সমূহত বজাৰ কৰিবলৈ আহিলে সকলোকে খোজকাঢ়ি ঘৰৰ ওচৰৰ দোকানত বজাৰ কৰিবলৈ আহ্বান আৰক্ষী আয়ুক্তৰ ৷ যদি কোনোবাই গাড়ী বা মটৰচাইকেল লৈ ওলাই আহে তেন্তে তেনে লোকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ আইনী ব্যৱস্থা ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি