• Home
  • »
  • News
  • »
  • assam
  • »
  • জলাকলা খাইছে উত্তৰ গুৱাহাটীৰ ফেৰী যাত্ৰীসকলে, দুৰ্গম স্থানলৈ কিয় স্থানান্তৰ কৰা হ’ল ফেৰীঘাট?

জলাকলা খাইছে উত্তৰ গুৱাহাটীৰ ফেৰী যাত্ৰীসকলে, দুৰ্গম স্থানলৈ কিয় স্থানান্তৰ কৰা হ’ল ফেৰীঘাট?

জল পৰিবহন বিভাগৰ বিষয়াই এনে স্থানকে নিৰ্বাচন কৰি ফেৰী ঘাট স্থানান্তৰ কৰাক লৈ আপত্তি ৰাইজৰ। 

জল পৰিবহন বিভাগৰ বিষয়াই এনে স্থানকে নিৰ্বাচন কৰি ফেৰী ঘাট স্থানান্তৰ কৰাক লৈ আপত্তি ৰাইজৰ। 

জল পৰিবহন বিভাগৰ বিষয়াই এনে স্থানকে নিৰ্বাচন কৰি ফেৰী ঘাট স্থানান্তৰ কৰাক লৈ আপত্তি ৰাইজৰ। 

  • Share this:
ফেৰী চলাচলৰ এদিন পিছতে উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত লাগিল অথন্তৰ। বাট বুলি অবাটে খোজ দিব লগা হৈছে চাৰিমাহে পণবন্দী হৈ থকা জলপথৰ যাত্ৰীসকলে। আন্তঃজিলা বন্ধৰ বাবে ২১ মে’ৰ পৰা বন্ধ হৈ থকা ফেৰীসেৱা মুকলি হ’ল সোমবাৰে। কিন্তু উত্তৰ গুৱাহাটীবাসীৰ যেন আহুকাল নাতৰিল। ফেৰীসেৱা আৰম্ভণিতেই লাগিল কেনা।

অতি দুৰ্গম, জংঘলে আৱৰা, বোকাময় নৈৰ দাঁতিত অদূৰদৰ্শী জল পৰিবহন কৰ্মীয়ে বনাইছিল ফেৰীঘাট। মূল পথৰ পৰা আধা কিলোমিটাৰ পথ জংঘলৰ মাজেৰে গৈহে পোৱা যায় ফেৰীঘাট। এতিয়াও অনাময় আঁচনিয়ে ঢুকি নোপোৱা নৈ পৰীয়া লোকৰ শৌচৰ দুৰ্গন্ধত মুখ কোচাইহে বুলিব লাগে বাট। বৰষুণৰ পানী পৰি পিছল বোকাময় পথত যাত্ৰীৰ বিলৈ বিপত্তিৰ সীমা নাই। বোকা পানীত লুতুৰি পুতুৰি হ’ৱলগীয়া হয় যাত্ৰীসকল। ইফালে পিছল পথ বাহন চলাচলৰ বাবে অনুপযোগী হোৱাত ক্ষোভ প্ৰকাশ কৰিছে যাত্ৰীসকলে।

জল পৰিবহন বিভাগৰ বিষয়াই এনে স্থানকে নিৰ্বাচন কৰি ফেৰী ঘাট স্থানান্তৰ কৰাক লৈ আপত্তি ৰাইজৰ।  ৰাইজৰ অভিযোগ, ফেৰীঘাটৰ স্থান পৰ্যবেক্ষণ নকৰাকৈ দুৰ্গম স্থানত ফেৰীঘাট স্থাপনেৰে জলাকলা খুৱাইছে। ইফালে নৈৰ পাৰৰ জংঘলৰ মাজৰ পথছোৱাত বিজুলী চাকিৰ ব্যবস্থা নথকাত নিৰাপত্তাৰ প্ৰতিও আহিছে ভাবুকি।

উত্তৰ গুৱাহাটীৰ নৈৰ পাৰতঘাট নিৰ্মাণৰ সুগম স্থান থকাৰ পিছতো কিয় ৰজাদুৱাৰৰ হাবিৰ মাজলৈ নিয়া হল ফেৰীঘাট? মধ্যম খণ্ড অথবা আউনীআটী ঘাটলৈ জাহাজঘাট স্থানান্তৰ কৰিলে কি অসুবিধা জল পৰিবহন বিভাগৰ অভিযন্তাই জানিব। ৰাইজৰ দাবী, অতি শীঘ্ৰে ৰজাদুৱাৰ আৰু মধ্যম খণ্ড ফেৰীঘাট সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব লাগে।
Published by:Sanjay Kumar Das
First published: