পৰকীয়া প্ৰেম! মাতৃ–কন্যা আৰু দুই যুৱকে হত্যা কৰিছিল পাঞ্জাবাৰীৰ মহিলাক

৪৮ ঘন্টাৰ ভিতৰত ৰহস্য ভেদ হ’ল মহানগৰৰ বতাহঘূলিত সংঘটিত শিহৰনকাৰী হত্যা কাণ্ডৰ ৷

news18assam
Updated:July 4, 2019, 4:24 PM IST
পৰকীয়া প্ৰেম! মাতৃ–কন্যা আৰু দুই যুৱকে হত্যা কৰিছিল পাঞ্জাবাৰীৰ মহিলাক
৪৮ ঘন্টাৰ ভিতৰত ৰহস্য ভেদ হ’ল মহানগৰৰ বতাহঘূলিত সংঘটিত শিহৰনকাৰী হত্যা কাণ্ডৰ ৷
news18assam
Updated: July 4, 2019, 4:24 PM IST
মঙলবাৰে নিশা মহানগৰৰ বতাহঘূলীত  সংঘটিত হোৱা নৃশংস কাণ্ডৰ ৰহস্য ফাদিল ৷ পৰকীয়া প্ৰেমৰ বাবেই মহানগৰীত মাতৃ কন্যাৰ ওপৰত আক্ৰমণ চলাইছিল কন্যা আৰু দুই যুৱক সহ প্ৰনিতা দাস নামৰ মহিলাগৰাকীয়ে।আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পিছতে এতিয়া পোহৰলৈ আহিছে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য।

ইতিমধ্যে মুল অভিযুক্ত প্ৰনিতা দাসে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁৰ স্বামীৰ উৰ্বশী কৈৱৰ্তৰ সৈতে আছিল অবৈধ সম্পৰ্ক। দুবছৰ পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈ উৰ্বশী কৈৱৰ্তৰ স্বামীৰ মৃত্যু হোৱাৰ পিছৰ পৰাই উৰ্বশীৰ ঘৰলৈ সঘনে আহ–যাহ চলিছিল প্ৰণীতা দাসৰ স্বামীৰ।  এই লৈ প্ৰণীতাই উৰ্বশীক বহুবাৰ এনে সম্পৰ্ক ছেদ কৰিবলৈ আহ্বান জনাইছিল যদিও  প্ৰণীতাৰ স্বামীৰ সৈতে উৰ্বশীয়ে এনে সম্পৰ্ক ত্যাগ নকৰাত ক্ষুব্ধ হৈ প্ৰণীতাই নিজ কন্যা আৰু দুজন যুৱকক লগত লৈ নিশা উৰ্বশীৰ ঘৰত প্ৰৱেশ কৰি উপৰ্যুপৰি আক্ৰমণ কৰিছিল উৰ্বশীক।



এই আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছিল উৰ্বশীৰ কন্যা প্ৰাৰ্থনা। চিকিৎসালয়ৰ বিচনাত এতিয়া  মৃত্যুৰে যুজিঁ থকা প্ৰাৰ্থনাই আৰক্ষীৰ আগত দিছে আক্ৰমণকাৰীৰ ক্লু। সেই তথ্যৰ ভিত্তিতে বুধবাৰে আৰক্ষীয়ে আটক কৰিছিল প্ৰণীতা দাস  আৰু তেওঁৰ কন্যাক। কিন্তু কেৱল প্ৰণীতাই নহয় সমগ্ৰ আক্ৰমণটোত দুই যুৱক আৰু চাৰি মহিলা জড়িত থকাৰ সম্ভেদ লাভ কৰে আৰক্ষীয়ে। প্ৰণীতা দাসে নিজৰ স্বামীৰ সৈতে মৃত উৰ্বশী কৈৱৰ্তৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল আৰু সেইবাবেই পৰিয়ালৰ আন ৩ মহিলাৰ সৈতে দুই যুৱকক লগত লৈ সংঘটিত কৰিছিল এই নৃশংস কাণ্ড ৷
আৰু চাওক পৰৱৰ্তী বাতৰি