• Home
  • »
  • News
  • »
  • assam
  • »
  • জনতা ভৱনৰ চৌহদত গছ কাটি তহিলং; ৫০ জোপাতকৈ অধিক গছ কাটিলে কোনে?

জনতা ভৱনৰ চৌহদত গছ কাটি তহিলং; ৫০ জোপাতকৈ অধিক গছ কাটিলে কোনে?

জানিব পৰা মতে এই গছ ধ্বংস কৰা স্থানত নিৰ্মাণ কৰিব এক G4 অট্টালিকা ৷ গছ কাটি অতিৰিক্ত ভাৱে নিৰ্মাণ কৰিবলগীয়া ভৱনটো হ'ব জনতা ভৱনৰ চৌহদত নৱমটো অট্টালিকা ৷

  • Share this:
এজোপা, দুজোপা নহয়, ৫০ জোপাতকৈ অধিক গছ একে দিনাই কটা হ'ল দিছপুৰত ৷ দিছপুৰ মানে জনতা ভৱনৰ চৌহদত থকা গছবোৰ অতি নিৰ্দয়ভাবে কাটিলে জনতা ভৱনৰ প্ৰশাসনে ৷ পিছে গছ কাটি তহিলং কৰা স্থানত কি কৰিব জনতা ভৱন প্ৰশাসনে?

“গছ থাকিলেহে মানুহ থাকিব ৷ গছ নাথাকিলে মানুহ নাথাকে!” বিজ্ঞাপন যোগে চৰকাৰে সততে এনে প্ৰচাৰ চলোৱা দেখা যায় ৷ কিন্তু নিজৰ বিজ্ঞাপনৰ বিপৰীতে গছ কটাত লাগিল এইবাৰ খোদ জনতা ভৱন ৷ জনতা ভৱনৰ চৌহদৰ ভিতৰত মংগলবাৰে ৫০ জোপাতকৈ বেছি গছ কাটি পেলোৱা হয় ৷

জনতা ভৱনৰ বি আৰু চি ব্লকৰ মাজৰ স্থানত সুশোভিত হৈ থকা গছবোৰ কাটি পেলোৱাত জনতা ভৱনৰ কৰ্মচাৰী একাংশৰ মন গভীৰ বেদনাৰে ভৰি পৰে ৷ কিন্তু মনৰ বেদনাৰ কথা প্ৰকাশ কৰিব নোৱাৰে ৷

মংগলবাৰে এইবোৰ গছ কাটি তহিলং কৰাৰ পিছত জনতা ভৱনৰ প্ৰশাসনৰ পৰা অনানুষ্ঠানিকভাৱে জানিব পৰা মতে এই গছ ধ্বংস কৰা স্থানত নিৰ্মাণ কৰিব এক G4 অট্টালিকা ৷ অতিৰিক্তভাৱে নিৰ্মাণ কৰিবলগীয়া অট্টালিকাটোৰ বাবেই হেনো কাটি পেলোৱা হৈছে এইবোৰ গছ ৷

এই পৰ্যন্ত জনতা ভৱনত Aৰ পৰা H ব্লকলৈ অট্টালিকা আছে ৷ সেই হিচাপত আঠটা অট্টালিকাত চলি আছে জনতা ভৱনৰ প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ কাম-কাজ ৷ গছ কাটি অতিৰিক্ত ভাৱে নিৰ্মাণ কৰিবলগীয়া ভৱনটো হ'ব জনতা ভৱনৰ চৌহদত নৱমটো অট্টালিকা ৷ উল্লেখযোগ্য যে প্ৰস্তাৱিত অট্টালিকাটো নিৰ্মাণৰ বাবে ২০১৯ চনতে জনতা ভৱন প্ৰশাসনে অনুমোদন জনাইছিল ৷
Published by:Manjumoni Borah
First published: