• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Assembly Session 2021 : সদনত নিয়ম মানিবনে পৰম্পৰা মানিব? বিধানসভাত অধ্যক্ষৰ ৰুলিঙক লৈ বিতৰ্ক।

Assam Assembly Session 2021 : সদনত নিয়ম মানিবনে পৰম্পৰা মানিব? বিধানসভাত অধ্যক্ষৰ ৰুলিঙক লৈ বিতৰ্ক।

নিয়ম আৰু পৰম্পৰাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হোৱা বিৰোধীয়ে সদন ত্যাগ কৰে ৷

নিয়ম আৰু পৰম্পৰাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হোৱা বিৰোধীয়ে সদন ত্যাগ কৰে ৷

নিয়ম আৰু পৰম্পৰাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হোৱা বিৰোধীয়ে সদন ত্যাগ কৰে ৷

  • Share this:
সোমবাৰে আৰম্ভ হয় পোন্ধৰ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যক্ৰমণিকা ৷ প্ৰশ্নকালীন ঘণ্টাত পৰিপূৰক প্ৰশ্ন কোনে কিমান কৰিব পাৰে সেইলৈ প্ৰশ্নৰ অৱতাৰণা কৰে বিৰোধী পক্ষই ৷ ইয়াৰ পৰাই আৰম্ভ হয় কিছু বিৰ্তকৰ ৷ ইয়াৰ পিছতে অহা শূন্যকালীন ঘণ্টাৰ সময়ত পেট্ৰল-ডিজেল আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিক লৈ বিৰোধীয়ে অনা সভাস্থগিত প্ৰস্তাৱৰ তিনিখন জাননীৰ কথা সদনত সদৰি কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ কিন্তু অধ্যক্ষই এই কথা সদৰি কৰি বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে ৷

অধ্যক্ষই এনেদৰে সভাস্থগিত প্ৰস্তাৱ পোনছাটেই নাকচ কৰাত সৰৱ হৈ উঠে বিৰোধী কংগ্ৰেছ ৷ বিৰোধীৰ দাবী সভাস্থগিত প্ৰস্তাৱৰ কাৰণ ব্যাখ্যা বিৰোধীক কৰিব নিদিয়াকৈ কিয় অধ্যক্ষই পোনে পোনে নাকচ কৰিব ৷

বিৰোধীৰ এনে দাবীক অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে সদন পৰিচালনাৰ কোন বিধিমতে অধ্যক্ষই নাকচ কৰিব নোৱাৰে বুলি প্ৰশ্নৰ অৱতাৰণা কৰে ৷ লগে লগে আৰম্ভ হয় সদনৰ নিয়ম আৰু পৰম্পৰাৰ বিষয়টো ৷ সদন পৰম্পৰাৰ দ্বাৰা চলিব লাগে বুলি দাবী কৰে বিৰোধী কংগ্ৰেছ আৰু AIUDFএ ৷

পৰম্পৰাৰ বিষয়টো উত্থাপন হোৱাৰ লগে লগে সদন কেনেকৈ চলিব সেই লৈ প্ৰায় বিপাঙত পৰে অধ্যক্ষ ৷ কিন্তু বিষয়টোৰ বিৰ্তক হোৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঠিয় হৈ নিজ বক্তব্য ৰাখি কয় যে সদন পৰিচালনা কৰাত অধ্যক্ষৰ ৰুলিঙেই হ'ব শেষ ৰুলিং ৷ পৰম্পৰা মতে চলিব নে সদন নিয়ম মতে চলিব সেই লৈ Business Advisory Committeeত ঠিক কৰি লওক বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷

কিন্তু বিৰোধী কংগ্ৰেছৰ জেষ্ঠ বিধায়ক ভৰত নৰহ নাচোৰবান্দা ৷ নৰহৰ দাবী- সদন কেৱল নিয়মৰ দ্বাৰাই নচলে; সদন পৰম্পৰাৰ দ্বাৰাও পৰিচালিত হয় ৷ লগে লগে অধ্যক্ষই মাত দিয়ে যে পৰম্পৰা আৰু নিয়ম বেলেগ ৷ এই বিষয়ে Business Advisory Committeeত সিদ্ধান্ত লোৱা উচিত বুলি কয় অধ্যক্ষই ৷

এই প্ৰসংগত মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অধ্যক্ষৰ কোনো ভুল হোৱা নাই বুলি সদনত মন্তব্য কৰে ৷ ইয়াৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীয়ে সভাস্থগিত বিষয়ত বিৰোধীক ব্যাখ্যা কৰিবলৈ দিব লাগে বুলি কোৱাৰ কথা উল্লেখ কৰি ক'লে- “বিষয়টো সদনত ব্যাখ্যা কৰিবলৈ দিব লাগে ৷ যিহেতু মুখ্যমন্ত্ৰীয়েও বিষয়টো আলোচনা হওক বুলি কৈছে ৷”

শাসক-বিৰোধীয়ে অধ্যক্ষৰ ৰুলিংক লৈ সদনৰ নিয়ম আৰু পৰম্পৰাকলৈ ব্যাপক চৰ্চা কৰাৰ পিচত অৱশেষত অধ্যক্ষই পূৰ্বৰ পৰম্পৰা মতে বিৰোধীক সভাস্থগিত প্ৰস্তাৱৰ কাৰণ ব্যাখ্যা কৰিবলৈ অনুমতি দিয়ে ৷

ইয়াৰ পিছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সভাস্থগিত প্ৰস্তাৱৰ সমৰ্থনত বক্তব্য ৰাখে ৷ দেৱব্ৰত শইকীয়াৰ পিছত AIUDFৰ বিধায়ক আমিনুল ইছলাম আৰু CPI(ML)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে সভাস্থগিত প্ৰস্তাৱৰ সমৰ্থনত বক্তব্য ৰাখে ৷

কিন্তু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পিযুশ হাজৰিকাই পেট্ৰ'ল-ডিজেলৰ বিষয়টো ৰাজ্য চৰকাৰৰ নহয়; কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয় বুলি সভাস্থগিত প্ৰস্তাৱ গ্ৰাহ্য কৰিব পৰা নাযায় বুলি সদনত যুক্তি দিয়ে ৷

ইয়াৰ লগে লগে অধ্যক্ষই সভাস্থগিত প্ৰস্তাৱ নাকচ কৰে আৰু ইয়াৰ বিৰুদ্ধে বিৰোধী কংগ্ৰেছ, AIUDF, CPI(ML) আৰু ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শেষত নিয়ম আৰু পৰম্পৰাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হোৱা বিৰোধীয়ে সদন ত্যাগ কৰে ৷
Published by:Manjumoni Borah
First published: