কাজিৰঙাত অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত গুৰুত্বপূৰ্ণ বৈঠক ৷ পুৱা ১০ বজাৰ পৰা কাজিৰঙাৰ বৰগছত চলিছে বৈঠক ৷
কাজিৰঙাত অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত গুৰুত্বপূৰ্ণ বৈঠক ৷ পুৱা ১০ বজাৰ পৰা কাজিৰঙাৰ বৰগছত চলিছে বৈঠক ৷
কাজিৰঙাত অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত গুৰুত্বপূৰ্ণ বৈঠক ৷ পুৱা ১০ বজাৰ পৰা কাজিৰঙাৰ বৰগছত চলিছে বৈঠক ৷ বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফটো।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে, "বৰ্তমানৰ চৰকাৰখনৰ বৰ্ষপূৰ্তি উপলক্ষে আজি কাজিৰঙাত মোৰ কেবিনেট সতীৰ্থসকল আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগতে মিত্ৰজোঁটৰ মাননীয় বিধায়কসকলক লগ পাই আনন্দিত হৈছো।অসমৰ সকলো শ্ৰেণীৰ কল্যাণৰ লক্ষ্যৰে চৰকাৰী আঁচনিসমূহৰ দক্ষ আৰু ক্ষীপ্ৰ ৰূপায়ণৰ জৰিয়তে প্ৰশাসন ব্যৱস্থাক ৰাইজৰ মাজলৈ লৈ যোৱাৰ চৰকাৰৰ ৰণনীতিৰ বিষয়ে আলোকপাত কৰিবলৈ আজি এক দিনজোৰা বৈঠকৰ আহ্বান কৰা হৈছে।''
মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, 'মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমৰ জনসাধাৰণক আশ্বাস দিব বিচাৰো যে মই আৰু মোৰ কেবিনেট সতীৰ্থসকলৰ লগতে অসম বিধানসভাৰ আমাৰ প্ৰতিনিধিসকলে অসমক দেশৰ ভিতৰতে সকলো ক্ষেত্ৰতে আগৰণুৱা কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰি যাব। বৈঠকত বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাননীয় ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীঅজয় জামৱালৰ পস্থিতিৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা বাবে তেখেতৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|