ঐতিসাহিক দীপৰ বিলত (Deepor Beel) কাহিলিপুৱাৰে পৰা উখল-মাখল পৰিৱেশ। দীপৰ বিলত দেওবাৰৰ কাহিলিপুৱাৰে পৰা আৰম্ভ হৈছে 'বিল মাৰা' উৎসৱ । বিলখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে এই 'বিল মাৰা' উৎসৱ ।
বিলৰ দাঁতিকাষৰীয়া লোকসকলে প্ৰায় মাহজোৰা প্ৰস্তুতিৰে বিভিন্ন প্ৰকাৰৰ মাছ মৰা জাল তথা সঁজুলিৰে আজি বিলত মাছ ধৰা পৰ্বৰ আৰম্ভ কৰে। এইবাৰ বিলত একেলগে নামিল প্ৰায় ৩০০খন নাও আৰু প্ৰত্যকখন নাওতে দুজন-তিনিজনকৈ মাছমৰীয়াই মাছ মাৰে (Fishing at Deepor Beel)।
উল্লেখ্য, বিলৰ দাঁতিকাষৰীয়া এই মাছমৰীয়াসকলে এনেদৰে মাছ ধৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে । জানিব পৰা মতে, এইবাৰ দীপৰ বিলত ৰৌ, ভকুৱা, চিতলকে ধৰি মাছৰ পোনাসমূহ মেলি দিছিল । সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে । পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মোকলাই দিয়ে যদিও দীপৰ বিলৰ পাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰী কৰে। উল্লেখ্য, বিলৰ পাৰত বিল মাৰা উৎসৱ চাবলৈ অসংখ্য লোকৰ সমাগম ঘটে । আজি মাছ কিনিবলৈ দীপৰ বিলৰ পাৰত পুৱাই উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও।
অৱশ্যে ভোগালী বিহুৰ আগত এনেদৰে মাছ ধৰা উৎসৱে (On the occasion of Bhogali Bihu) সকলোৰে মাজত এক উৎসাহৰো সৃষ্টি কৰিলে যদিও একাংশ গ্ৰাহকৰ মতে এইবাৰ পূৰ্বতকৈ বহু বৃদ্ধি হৈছে মাছৰ দাম। অধিক দামত ক্ৰয় কৰিবলগীয়া মাছ। নিয়মীয়াতকৈ বহু গুণে বৃদ্ধি হৈছে মাছৰ দাম । সাধাৰণ লোকে দাম বৃদ্ধিৰ ফলত অসুবিধাত পৰিছে দীপৰ বিলৰ মাছ ক্ৰয় কৰাত ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|