মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Welcome Lovlina: স্বাগতম লাভলীনা, আজি জন্মভূমিত উপস্থিত হ'ব লাভলীনা বৰগোহাঁই, গুৱাহাটীকে ধৰি সমগ্ৰ অসমত লাভলীনা জ্বৰ

Welcome Lovlina: স্বাগতম লাভলীনা, আজি জন্মভূমিত উপস্থিত হ'ব লাভলীনা বৰগোহাঁই, গুৱাহাটীকে ধৰি সমগ্ৰ অসমত লাভলীনা জ্বৰ

Manjumoni Borah | News18-Assam
Updated:August 12, 2021, 9:01 AM IST
Welcome Lovlina: স্বাগতম লাভলীনা, আজি জন্মভূমিত উপস্থিত হ'ব  লাভলীনা বৰগোহাঁই, গুৱাহাটীকে ধৰি সমগ্ৰ অসমত লাভলীনা জ্বৰ
বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা সভাত অংশ ল'ব লাভলীনাই। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক চৰকাৰৰ তৰফৰ পৰা জনাব সম্বৰ্ধনা। 

বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা সভাত অংশ ল'ব লাভলীনাই। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক চৰকাৰৰ তৰফৰ পৰা জনাব সম্বৰ্ধনা। 

  • Share this:
বিশ্ব জয় কৰি আজি মাতৃভূমিত উপস্থিত হ'ব অসম গৌৰৱ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)। সূচী অনুসৰি পুৱা ৯.৩০  বজাত বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হ'ব লাভলীনা। অলিম্পিকত প্ৰথমগৰাকী অসমীয়া হিচাপে পদক জয় কৰি অসমক গোৰৱান্বিত কৰি আজি জন্মভূমিলৈ আহি আছে লাভলীনা বৰগোহাঁই।

সমগ্ৰ অসম তথা গুৱাহাটীত এতিয়া লাভলীনা জ্বৰ। বক্সাৰ লাভলীনাক বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আদৰণি জনাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিমল বৰাই। বিমান বন্দৰতে মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰীৰ সৈতে সৌজন্যমূলক বাৰ্তালাপ কৰিব লাভলীনা বৰগহাঁইয়ে।

বিমান বন্দৰৰ পৰা পোনে পোনে খানাপাৰাৰ হোটেল তাজ ভিভাণ্টালৈ যাব লাভলীনা বৰগোহাঁই। মাজবাটত কোনোধৰণৰ আদৰণি কাৰ্যসূচী ৰখা নাই চৰকাৰে। হোটেল তাজ ভিভাণ্টা (Hotel Taj Vivanta)ত জিৰণি লৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা সভাত অংশ ল'ব লাভলীনাই। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰাৰ লগতে জনাব সম্বৰ্ধনা।

বক্সাৰগৰাকীয়ে সন্ধিয়া ৬ বজাত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু অসম বক্সিং সংস্থাৰ বিষয়াসকলৰ সৈতে এক নৈশ ভোজত অংশ ল'ব। ইয়াৰ আগেয়ে লাভলীনাই দুপৰীয়া ১ বজাত সংবাদ মাধ্যমক সম্বোধন কৰিব।
Published by: Manjumoni Borah
First published: August 12, 2021, 9:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি