• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত উপস্থিত প্ৰখ্যাত কণ্ঠশিল্পী ঊষা মংগেশকাৰ, কিয় অসমলৈ আহিছে শিল্পীগৰাকী?

অসমত উপস্থিত প্ৰখ্যাত কণ্ঠশিল্পী ঊষা মংগেশকাৰ, কিয় অসমলৈ আহিছে শিল্পীগৰাকী?

নিশা লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে ঊষা মংগেশকাৰক উষ্ম আদৰণি জনায় অসম সাহিত্য সভাৰ কৰ্মকৰ্তাই।

  • Share this:
অসমত উপস্থিত হৈছে প্ৰখ্যাত কণ্ঠশিল্পী ঊষা মংগেশকাৰ। ঊষা মংগেশকাৰৰ লগতে উপস্থিত হৈছে ভতিজাক আদিনাথ মংগেশকাৰ আৰু বোৱাৰী কৃষ্ণা মংগেশকাৰ। নিশা ১১.৩০ বজাত গুৱাহাটীত উপস্থিত হয় ঊষা মংগেশকাৰ।

নিশা লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে ঊষা মংগেশকাৰক উষ্ম আদৰণি জনায় অসম সাহিত্য সভাৰ কৰ্মকৰ্তাই।

আজি বিশিষ্ট শিল্পীগৰাকীক ড০ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা প্ৰদান কৰিব অসম সাহিত্য সভাই। গণেশগুৰি নেডফি হাতত আজি বিয়লি অনুস্থিত হ’বলগীয়া সভাত প্ৰদান কৰা হ’ব এই বঁটা। অনুষ্ঠানত অংশগ্রহণ কৰিব অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি