২০০৯ চনতে আৰম্ভ হোৱা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’ সুদীৰ্ঘ ১১ বছৰ পিছত মুকলি কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷
২০০৯ চনতে আৰম্ভ হোৱা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’ সুদীৰ্ঘ ১১ বছৰ পিছত মুকলি কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷
পুনৰ আৰম্ভ হ'ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’৷ কন্ট্ৰ'ল পেনেলৰ বিজুতিৰ বাবে মুকলিৰ দুদিন পিছতে বন্ধ হৈ পৰিছিল ৰোপৱে’ৰ চলাচল৷ ২৪ আগষ্টত জনসাধাৰণৰ বাবে ৰোপৱে’ মুকলি কৰিছিল স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ ২৬ আগষ্টত যান্ত্ৰিক বিজুতিৰ বাবে বন্ধ হৈ পৰা ৰোপৱে’ৰ পুনৰ চলাচল আৰম্ভ হয় সোমবাৰে৷
২০০৯ চনতে আৰম্ভ হোৱা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’ সুদীৰ্ঘ ১১ বছৰ পিছত মুকলি কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ আৰু মুকলিৰ দুদিন পিছতে সমীৰ দামোদৰ ৰোপৱে' প্ৰাইভেট লিমিটেড আৰু গৌৰবণ্ট এজি চুইজাৰলেণ্ডৰ কামৰ নমুনা উদঙাই বন্ধ হৈ পৰিছিল ৰোপৱে'ৰ চলাচল৷ সোমবাৰৰ পৰা পুনৰ আৰম্ভ হোৱা ৰোপৱে’ৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ কৰিব পাৰিব যাত্ৰা৷
উল্লেখযোগ্য যে উত্তৰ গুৱাহাটীৰ একাংশ লোকৰ অভিযোগ, ৰোপৱে’ত কোপদৃষ্টি পৰিছে উমানন্দৰ। সেয়েহে উন্মোচনৰ এদিন পিছতে লাগিল কেনা। ভগৱন্তৰ কোপদৃষ্টিত অত্যাধুনিক প্ৰযুক্তি–কৌশল অসাৰ হ’ল। পুৰাতত্ব বিভাগৰ বাধা নেওচি উমানন্দৰ ওপৰেৰে নিয়া হৈছিল ৰোপৱে’। ধৰ্মীয় অনুভূতিত আঘাত হনা নিৰ্মাণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|