உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সোমবাৰৰ পৰা ১০০ শতাংশ যাত্ৰীৰে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত আৰম্ভ হ'ব ফেৰীসেৱা

    সোমবাৰৰ পৰা ১০০ শতাংশ যাত্ৰীৰে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত আৰম্ভ হ'ব ফেৰীসেৱা

    ১০০ শতাংশ যাত্ৰীলৈ পূৰ্বৰ সময়সূচী মতে চলিব নিয়মীয়া ফেৰী সেৱা। জল পৰিবহণ বিভাগৰ এক সূত্ৰৰ এই কথা জানিব পৰা হৈছে। 

    ১০০ শতাংশ যাত্ৰীলৈ পূৰ্বৰ সময়সূচী মতে চলিব নিয়মীয়া ফেৰী সেৱা। জল পৰিবহণ বিভাগৰ এক সূত্ৰৰ এই কথা জানিব পৰা হৈছে। 

    ১০০ শতাংশ যাত্ৰীলৈ পূৰ্বৰ সময়সূচী মতে চলিব নিয়মীয়া ফেৰী সেৱা। জল পৰিবহণ বিভাগৰ এক সূত্ৰৰ এই কথা জানিব পৰা হৈছে। 

    • Share this:
    সুদীৰ্ঘ চাৰি মাহৰ অন্তত উত্তৰ গুৱাহাটীবাসীৰ বাবে আহিল সুখবৰ। সোমবাৰৰ পৰা আৰম্ভ হ'ব গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ কোভিড বিধি অনুসৰি গুৱাহাটীৰ প্ৰতিটো ঘাটতে চলিব ফেৰী। আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবেই  বিগত চাৰিমাহ ধৰি বন্ধ আছিল গুৱাহাটীৰ ফেৰী সেৱা। যাৰ বাবে শৰাইঘাটত হৈছিল বৃহৎ যানজঁট।

    এফালে সময়ৰ অপচয় ,আনফালে অধিক ভৰিব লাগিছিল গাঠিৰ ধন । দহ কিলোমিটাৰ পথৰ বাবে ভৰিব লগীয়া হৈছিল তিনিশ চাৰিশ  টকা।  ফেৰী সেৱা বন্ধ থকাৰ সুযোগ লৈ শৰাইঘাটৰ পৰা কামৰূপ মহানগৰত প্ৰবেশত আৰক্ষীয়ে বাধা দিয়াত টেম্পু চালকে সুবিধা বুজি যাত্ৰীৰ পৰা আদায় কৰি আহিছিল অধিক ভাৰা।

    মধ্যম খণ্ডৰ পাৰঘাটৰ বালি চৰৰ বাবে ৰজাদুৱাৰ ঘাটৰ পৰাই দুয়োটা ঘাটৰ ফেৰী চলাচল কৰিব বুলি মধ্যম খণ্ড ঘাটৰ ঘাট নিয়ন্ত্ৰক প্ৰসন্ন দাসে জানিবলৈ দিছে। মধ্যমখণ্ড ঘাটৰ আঁসোৱাহ দূৰ হ'লে পুনৰ এই ঘাটৰ পৰা পৃথকে চলোৱা হ'ব ফেৰী।

    ১০০ শতাংশ যাত্ৰীলৈ পূৰ্বৰ সময়সূচী মতে চলিব নিয়মীয়া ফেৰী সেৱা। জল পৰিবহণ বিভাগৰ এক সূত্ৰৰ এই কথা জানিব পৰা হৈছে।  ইফালে ফেৰী সেৱা মুকলি হোৱাৰ খবৰ পাই আনন্দিত উত্তৰ গুৱাহাটীৰ ৰাইজ।
    Published by:Himangshu Bhuyan
    First published: