'গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপ ৱে’ সম্পূৰ্ণ সাজু। কেৱল আনুষ্ঠানিকতাহে বাকী। শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰা হ’ব ৰোপৱে’।- এই মন্তব্য জি এম ডি এৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।
'গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপ ৱে’ সম্পূৰ্ণ সাজু। কেৱল আনুষ্ঠানিকতাহে বাকী। শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰা হ’ব ৰোপৱে’।- এই মন্তব্য জি এম ডি এৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।
ভালখবৰ! মাত্ৰ ১০ মিনিটৰ ভিতৰতে ইপাৰ-সিপাৰ হ’ব পাৰিব লুইতৰ বুকু। GMDAৰ তত্বাৱধানত সম্পূৰ্ণ সাজু হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপ ৱে’ ৷ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ চলিব এই ৰোপ ৱে’। ল’ক ডাউনৰ বাবে মুকলি কৰিব পৰা নাছিল এই ৰপ ৱে’টো। কিন্তু দুই এদিনৰ ভিতৰতে মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে।
ৰোপ ৱে’ৰ কেবিনটোত এবাৰত ৩০জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব ৷ ৩০ যাত্ৰীৰ লগত থাকিব এজন নিয়ন্ত্ৰক ৷ কাছাৰীৰ পৰা ১০ মিনিট সময় লাগিব উত্তৰ গুৱাহাটীলৈ। ইতিমধ্য যাত্ৰীৰ নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থাও সম্পূৰ্ণ কৰি তুলিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘Samir Damodar Rope Way Pvt Ltd’এ।
ব্ৰহ্মপুত্ৰৰ মাজত চাৰিটাকৈ টাৱাৰৰ জৰিয়তে উত্তৰ গুৱাহাটীলৈ সংযোগ হৈছে এই ৰোপ ৱে’টো ৷ মুঠ ৫৬ কোটি টকা ব্যয় হৈছে এই ৰোপৱেটো নিৰ্মাণ কৰোতে ৷ মুকলি হোৱাৰ ৩ বছৰলৈ এই ৰোপ ৱে’ চোৱা-চিতা কৰাৰ দায়িত্বত থাকিব নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোটো ৷ যান্ত্ৰিক বিজুতি মোকাবিলা কৰিবলৈয়ো থাকিব পৰ্যাপ্ত ব্যৱস্থা ৷ গতিকে সকলো ঠিকেই থাকিলে ৰোপ ৱে’ত উঠিবলৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে যাত্ৰীয়ে!
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|