• Home
  • »
  • News
  • »
  • assam
  • »
  • Durga Puja : ভেকচিন নোলোৱাসকলে এইবাৰ দুৰ্গা পূজা চোৱাৰ আশা বাদ দিয়ক, মাস্ক নিপিন্ধিলেও প্ৰৱেশ কৰিব নোৱাৰিব পূজাস্থলীত

Durga Puja : ভেকচিন নোলোৱাসকলে এইবাৰ দুৰ্গা পূজা চোৱাৰ আশা বাদ দিয়ক, মাস্ক নিপিন্ধিলেও প্ৰৱেশ কৰিব নোৱাৰিব পূজাস্থলীত

দুৰ্গা পূজা অনুষ্ঠিত কৰাক লৈ বিভিন্ন বিভাগৰ বিষয়ববীয়াৰে মহানগৰ উপায়ুক্তৰ আলোচনা।

দুৰ্গা পূজা অনুষ্ঠিত কৰাক লৈ বিভিন্ন বিভাগৰ বিষয়ববীয়াৰে মহানগৰ উপায়ুক্তৰ আলোচনা।

দুৰ্গা পূজা অনুষ্ঠিত কৰাক লৈ বিভিন্ন বিভাগৰ বিষয়ববীয়াৰে মহানগৰ উপায়ুক্তৰ আলোচনা।

  • Share this:
আগন্তুক দুর্গা পূজা উদযাপনক লৈ মহানগৰীৰ জিলা পুথিভঁৰালত দুর্গা পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে আয়োজিত এখন সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে দুর্গা পূজা আয়োজন সম্পর্কত প্রশাসনৰ একো আপত্তি নাই বুলি কয়৷ কিন্তু কোভিড বিধি উলংঘা কৰি পূজা উদযাপনেৰে কাৰোৰে যাতে হানি নকৰে, কোভিড সংক্রমণ কৰিলে বুলি বদনামৰ ভাগী হ’ব নালাগে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলক৷

পৌৰ নিগমৰ যুটীয়া আয়ুক্ত সত্যজ্যোতি বৰুৱা, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, শর্মিষ্ঠা বৰা আৰু সুস্বপ্না কাকতি, অতিৰিক্ত আৰক্ষী আয়ুক্ত (যান–বাহন শাখা) দেৱাশিস বৰাৰ উপৰি অগ্নিনির্বাপক আৰু জৰুৰীকালীন সেৱা, প্রদূষণ নিয়ন্ত্রণ পৰিষদ আদি বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকলে অংশগ্রহণ কৰা এই সভাত দুর্গা পূজা উদযাপন সম্পৰ্কত ১৫ ছেপ্টেম্বৰত চৰকাৰে জাৰি কৰা নির্দেশনা সম্পর্কে জিলা দুর্যোগ প্রশমন প্রাধিকৰণৰ মুখ্য কার্যবাইী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাসে বিতংকৈ ব্যাখ্যা কৰে৷ ইয়াৰ পিছত উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই নির্দেশনাৰ লগত সংগতি ৰাখি আন কেতবোৰ বিষয় সন্দর্ভত আলোচনা কৰে৷

উপায়ুক্তজনে কয় যে জনসাধাৰণৰ অহা–যোৱা ৰাস্তা বন্ধ কৰি পূজা পাতিম বুলি আলচ কৰি থকাসকলে পূজা পতাটো বাতিল কৰিব লাগে৷ পূজাস্থলী যথেষ্ট আহল–বহল হ’ব লাগিব বুলি উল্লেখ কৰি পূজাস্থলীত ‘ন’ ভেকচিন ন’ এন্ট্ৰী’ আৰু ‘ন’ মাস্ক ন’ এন্ট্ৰী’ ফলক লগোৱাটো বাধ্যতামূলক বুলি উপায়ুক্তজনে উল্লেখ কৰে৷

সংস্পর্শৰ পৰা আঁতৰত থাকি কোভিড সংক্রমণ ৰোধৰ বাবে পুষ্পাঞ্জলিৰ বাবে ফুল আদি ঘৰৰ পৰা নিবলৈ আৰু ভোগ, খাদ্য আদিৰ ব্যৱস্থা কৰাটো যিমান পাৰে কমাবলৈ তেওঁ অনুৰোধ জনায়৷ আনহাতে, ভক্তৰ সুবিধাৰ বাবে এইবাৰ স্থানীয় থানাসমূহৰ পৰা পূজা পতাৰ অনুমতি ল’ব পাৰিব বুলি তেওঁ লগতে কয়৷ সভাত পৰিষ্কাৰ–পৰিচ্ছন্নতা বজাই ৰাখি আগন্তুক দুর্গাপূজা উদযাপনৰ ক্ষেত্রত গুৰুত্ব দিয়া হয়৷

আনহাতে, প্রদূষণ নিয়ন্ত্রণ পৰিষদ, স্বাস্থ্য, পৌৰ নিগম আদি বিভাগৰ বিষয়াসকলে সভাত জৰুৰীকালীন সহায়ৰ ক্ষেত্রত নিজৰ নিজৰ যোগাযোগ নম্বৰসমূহ ব্যক্ত কৰে৷ এই অনুসৰি, যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়াই ৯৪৩৫১–৮১৮৪৬, পৌৰ নিগমৰ যুটীয়া আয়ুক্ত সত্যাজ্যোতি বৰাই ৭০০২৭–১৭৮০১, প্রদূষণ নিয়ন্ত্রণৰ মুখ্য কার্যবাহী বিষয়াই ৭০০২৩–৩৬৮৭২ নম্বৰত যোগাযোগৰ বাবে আহ্বান জনোৱাৰ উপৰি অগ্নিনির্বাপক আৰু জৰুৰীকালীন সেৱা সম্পর্কত উপ–সঞ্চালিকাই ০৩৬১–২৭৩৭৬৮০/০৩৬১–২৭৩৪১৯১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়৷
Published by:Sanjay Kumar Das
First published: