• Home
  • »
  • News
  • »
  • assam
  • »
  • হঠাৎ চিটীবাছ শূন্য হৈ পৰিল গুৱাহাটী মহানগৰী, ঘণ্টা ঘণ্টা ধৰি বাছ আস্থানত অপেক্ষা যাত্ৰীৰ

হঠাৎ চিটীবাছ শূন্য হৈ পৰিল গুৱাহাটী মহানগৰী, ঘণ্টা ঘণ্টা ধৰি বাছ আস্থানত অপেক্ষা যাত্ৰীৰ

পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ চিটীবাছ চালকৰ। বাছৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চালকসকলে।

পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ চিটীবাছ চালকৰ। বাছৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চালকসকলে।

পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ চিটীবাছ চালকৰ। বাছৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চালকসকলে।

  • Share this:
আজি হঠাৎ প্ৰায় চিটীবাছ শূন্য হৈ পৰিল গুৱাহাটী মহানগৰী। পুৱাৰ ভাগৰ পৰাই মহানগৰীৰ ৰাজপথত দেখা নগ'ল চিটী বাছৰ চলাচল। দুই এখন চিটী বাছৰ বাহিৰে চলিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাত্ৰ কেইখনমান বাছ। মহানগৰীৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ বৃহৎ সংখ্যক যাত্ৰীৰ পৰিৰ্ৱতে মাত্ৰ কেইখনমান পৰিবহণ নিগমৰ বাছে চাহিদা পূৰণ কৰিব নোৱাৰাটোৱেই স্বাভাৱিক। শুকুৰবাৰৰ দিনটোত দুৰ্ভোগ ভুগিবলগা হ'ল যাত্ৰীসকলে। প্ৰতিদিনৰ দৰেই গন্তব্য স্থানলৈ যাবলৈ প্ৰচণ্ড গৰমৰ মাজত দীৰ্ঘসময় অপেক্ষা কৰি ৰৈ থাকিবলগা হ'ল বাছ আস্থানত।

আচলতে, পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ চিটীবাছ চালকৰ। বাছৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চালকসকলে। গুৱাহাটী মহানগৰীৰ বশিষ্ঠ মন্দিৰত চালকসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ। ‘পৰিবহন বিভাগ হাই হাই’ ধ্বনিৰে উত্তাল হৈ পৰিল বশিষ্ঠ মন্দিৰৰ বাছ আস্থান। পৰিবহণ বিভাগৰ মইমতালিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে চিটী বাছ চালকে।

চালকসকলৰ অভিযোগ, চিটীবাছৰ বাবে নাই নিৰ্ধাৰিত ষ্টপেজ, যাত্ৰীৰ বাবে নাই জিৰণি চ’ৰা। পুৰণা ষ্টপেজত বাছ ৰাখিলেই ভৰিব লাগে বৃহৎ পৰিমাণৰ জৰিমনা। চৰকাৰে যাত্ৰীৰ বাবে নিৰ্দিষ্ট স্থানত কিয় নিৰ্মাণ নকৰে জিৰণি চ’ৰা? চিটী বাছ ৰখা স্থানত অন্যান্য বাহন ৰখোৱাত কিয় বাধা নিদিয়ে যান বাহন আৰক্ষীয়ে? – এই প্ৰশ্ন চালকসকলৰ।

ইফালে, চালকৰ প্ৰতিবাদৰ বাবে শুকুৰবাৰৰ দিনটোত হাৰাশাস্তিৰ সন্মুখীন হ'বলগা হয় যাত্ৰীসকল। চিটীবাছৰ পৰিৰ্ৱতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাত্ৰ কেইখনমান বাছহে চলাচল কৰি থাকিল মহানগৰীত। যাৰ বাবে কোলাত কেঁচুৱা লৈও প্ৰচণ্ড গৰমত বাছৰ বাবে ঘন্টা ঘণ্টা ধৰি অপেক্ষা কৰিব লগা হ'ল যাত্ৰীয়ে।

অৱশ্যে শুকুৰবাৰে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া আৰু চিটীবাছ চালক আৰু মালিক সন্থাৰ মাজত বিষয়সমূহ আলোচনাৰ বাবে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। এইক্ষেত্ৰত সকলোৰে আহ্বান- সাধাৰণ যাত্ৰীৰ দুৰ্ভোগ হোৱাকৈ যাতে কোনো ধৰণৰ সিদ্ধান্ত নলয় উভয় পক্ষই।
Published by:Sanjay Kumar Das
First published: