Corona : কোৰোণাৰ সজাগতা বৃদ্ধিৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আৰু ইউনিচেফ অসমৰ প্ৰচেষ্টা।

News18 Assam | News18-Assam
Updated:June 8, 2021, 8:37 PM IST
Corona : কোৰোণাৰ সজাগতা বৃদ্ধিৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আৰু ইউনিচেফ অসমৰ প্ৰচেষ্টা।
{"fte_image_ids":[],"remix_data":[],"remix_entry_point":"challenges","source_tags":[],"source_ids":{},"source_ids_track":{},"origin":"unknown","total_draw_time":0,"total_draw_actions":0,"layers_used":0,"brushes_used":0,"photos_added":0,"total_editor_actions":{},"tools_used":{"addons":1,"crop":1},"is_sticker":false,"edited_since_last_sticker_save":true,"containsFTESticker":false}

ৰঙিয়া ৰে'ল মণ্ডলৰ ১৪টা, তিনিচুকীয়া ৰে'ল মণ্ডলৰ ১৩টা আৰু লামডিং ৰে'ল মণ্ডলৰ ৯টা ষ্টেচনত কোৰোণা সজাগতামূলক তথ্য আগবঢ়োৱা হ'ব।

  • Share this:
কোৰোণাক লৈ সজাগতা বৃদ্ধিত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে'লৱে (NF RAILWAY) আৰু ইউনিচেফ (UNICEF), অসমে যৌথভাৱে গ্ৰহণ কৰিছে এক প্ৰচেষ্টা। উত্তৰ-পূব সীমান্ত ৰে'লৱে আৰু ইউনিচেফ, অসমে লগ লাগি অহা ৩ মাহ পৰ্যন্ত অসমৰ ৩৬টা ৰে'ল ষ্টেচনত যাত্ৰীসকলৰ মাজত কোৰোণা সংক্ৰান্তত আগবঢ়াব সজাগতা।

কোৰোণাক প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় সতৰ্কতা তথা ক'ভিডৰ টীকাকৰণৰ বাবে জনসাধাৰণৰ মাজত উৎসাহ বৃদ্ধিৰ উদ্দেশ্যে ৰে'ল ষ্টেচনসমূহত বিভিন্ন সজাগতামূলক জাননী, ফলক অঁৰাৰ লগতে আন আন দৃশ্য-শ্ৰাব্য মাধ্যমেৰে বিস্তৃত তথ্য আগবঢ়াব উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আৰু ইউনিচেফ, অসমে।

উল্লেখ্য যে, কোৰোণা সংক্ৰান্তীয় সজাগতা অভিযান আগবঢ়াবলগীয়া ৩৬টা ষ্টেচনৰ ভিতৰত ৰঙিয়া ৰে'ল মণ্ডলৰ অধীনত ১৪টা, তিনিচুকীয়া ৰে'ল মণ্ডলৰ অধীনত ১৩টা আৰু লামডিং ৰে'ল মণ্ডলৰ অধীনত ৯টা ষ্টেচনত কোৰোণা আৰু ইয়াৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ তথ্য আগবঢ়োৱা হ'ব।

এই অভিযানৰ প্ৰথমটো কাৰ্যসূচী ইতিমধ্যে সোমবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত আৰম্ভ কৰা হৈছে আৰু অতি শীঘ্ৰে কামাখ্যা ৰে'ল ষ্টেচনতো কৰাৰ লগতে ৰাজ্যৰ আন আন ষ্টেচনসমূহতো ৰূপায়ণ কৰা হ'ব। মন কৰিবলগীয়া যে, উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আৰু ইউনিচেফ, অসমে বিগত সময়চোৱাত বিভিন্ন সমস্যাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে নিজাববীয়াকৈ পদক্ষেপ লৈ  আহিছিল। শেহতীয়াকৈ ক'ৰোণাৰ বিৰুদ্ধে চৰকাৰে চলোৱা যুঁজখনত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে লোৱা যৌথ প্ৰচেষ্টা বিশেষভাৱে ফলপ্ৰসূ হ'ব বুলি আশা কৰা হৈছে।
Published by: Manjumoni Borah
First published: June 8, 2021, 7:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি