• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati News: নিশা মহানগৰীৰ বিলাসী বাৰত যুৱকৰ গুণ্ডাগিৰি! আৰক্ষীকো দিলে ভাবুকি

Guwahati News: নিশা মহানগৰীৰ বিলাসী বাৰত যুৱকৰ গুণ্ডাগিৰি! আৰক্ষীকো দিলে ভাবুকি

 যুৱক কেইজন আটক হোৱাৰ পিছতে দিছপুৰ থানালৈ আগমন হয় একাংশ ৰহস্যময় যুৱক-যুৱতীৰ।

যুৱক কেইজন আটক হোৱাৰ পিছতে দিছপুৰ থানালৈ আগমন হয় একাংশ ৰহস্যময় যুৱক-যুৱতীৰ।

যুৱক কেইজন আটক হোৱাৰ পিছতে দিছপুৰ থানালৈ আগমন হয় একাংশ ৰহস্যময় যুৱক-যুৱতীৰ।

  • Share this:
নিশা মহানগৰীৰ বিলাসী বাৰত ৪ যুৱকৰ গুণ্ডাগিৰি। ডাউনটাউনস্থিত Nuts and braw বাৰৰ ভিতৰত সুৰাসক্ত যুৱকৰ দলটোৰ উদ্ভাণ্ডালি। পিছত বাৰ কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত দলটোক আটক কৰে আৰক্ষীৰ। আটকধীন যুৱক কেইজনৰ নাম জনক কুমাৰ পাঠক (কাহিলীপাৰা),আচিক ৰহমান (ডাউন টাউন), কৃষানু ভৰদ্বাজ (অম্বিকাগিৰি নগৰ),বিশ্বজিৎ দলে (কাহিলীপাৰা)।

বাৰখনৰ পৰা উঠাই আনি যুৱককেইজনক নিশা দিছপুৰ থানাতে ৰাখে। যুৱকৰ দলটোৰ বিৰুদ্ধে আৰক্ষীকো ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। পুৱতি নিশা স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয় ধৃত যুৱককেইজনক।

ঘটনাৰ সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই বাৰ কৰ্তৃপক্ষ‌ই। নিশা আঢ়ৈ বজালৈকে খোলা আছিল বাৰখন। ঘটনাৰ সন্দৰ্ভত জানিব পাৰি  সাংবাদিক যোৱাত ততাতৈয়াকৈ বন্ধ কৰে বাৰখন। আনকি  দিছপুৰ আৰক্ষীয়েও ঘটনাটোক গাপ দিয়াৰ চেষ্টা  কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে,  যুৱক কেইজন আটক হোৱাৰ পিছতে দিছপুৰ থানালৈ আগমন হয় একাংশ ৰহস্যময় যুৱক-যুৱতীৰ। কিন্তু সাংবাদিকৰ কেমেৰা দেখি আঁতৰি যায় দলটো।
Published by:Himangshu Bhuyan
First published: